04
Sep
2017

তেজপুৰঃ শাৰদীয় বতৰত নাটক কৰা মাদকতা গ্ৰাম্যাঞ্চলত অতি সুন্দৰ। তেজপুৰৰ দাঁতি কাষৰীয়া অঞ্চলসমূহত শাৰদীয় বতৰত নাটক কৰি নাটকৰ পৰিবেশ গঢ়ি তোলা হয়। তেজপুৰৰ মিলনপুৰ, ডিপোটাত সেই পৰিৱেশ আজিও বিৰাজমান।
তেজপুৰৰ মিলনপুৰৰ পদ্মনাথ গোহাইবৰুৱা আৰু সুধাকণ্ঠ ভুপেন হাজৰিকা ৰংগমঞ্চত এইবেলি দুখন নাটক মঞ্চস্থ কৰা হ’ব। দেওবাৰে নিশা নাটক দুখন ক্ৰমে "মৃত প্ৰেয়সীৰ বিবাহ" আৰু "শৰৎত সোনতলি গাঁৱৰ মেলা" শুভ মহুৰত আৰম্ভ কৰা হয়।
নাট্যকাৰ ননী মাধৱ শৰ্মা আৰু জ্যোতি প্ৰসাদ বৰাই নাৰিকল ভাঙি আৰম্ভ কৰা শুভ মহুৰত অনুষ্ঠানত নাট্যকৰ্মী অজিত শইকীয়া, যুৱনেতা ৰাজিৱ দাস, বসন্ত কাকতি, অপুৰ্ব বৰা, কুশল হাজৰিকা, তপন শৰ্মা, পলাস দাস, ৰাজু বৰা, প্ৰণৱ শইকীয়া আদিৰ লোক সকলে বন্তি প্ৰজ্বলন কৰে।