কাকপথাৰঃ কাকপথাৰৰ সাংস্কৃতিক অনুষ্ঠান "উৎস অসম" আৰু "সূত্ৰধাৰ নাট্যগোষ্ঠী"ৰ উদ্যোগত অনুষ্ঠিত হোৱা ১৪ দিনৰ নাট কৰ্মশালাৰ দেওবাৰে সামৰণি পৰে ৷

মাইথঙৰ সূত্ৰধাৰ নাট্যমঞ্চৰ প্ৰাংগণত অনুষ্ঠিত সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত নাট "ৰাম বিজয়"ৰ লগতে শিৱসাগৰ নাজিৰাৰ পৰা আমন্ত্ৰণ কৰি অনা নাট্য গোষ্ঠী "ঠিক এনে সময়তে কৰ'বাত" নামৰ এখন নাটখন মঞ্চস্থ কৰে৷

সামৰণি অনুষ্ঠানৰ উদ্বোধন আৰু বন্তি প্ৰজলন কৰে কাকপথাৰৰ সমাজ সেৱক ডাঃ অজিত কুমাৰ ভূঞাই৷