নামতিঃ শিক্ষক সকলক মানৱ সম্পদ গঢ়াৰ খনিকৰ বুলি কোৱা হয়৷ শিক্ষকক দেখিলে আজিও সমাজৰ প্ৰতিগৰাকী লোকৰ মুৰ দো খাই৷ যেতিয়া শিক্ষকে যেতিয়া মদ্যপান কৰি বিদ্যালয়লৈ আহে তেনে শিক্ষকে সমগ্ৰ শিক্ষকসমাজ খনকে বদনাম কৰে৷ শিৱসাগৰ জিলাৰ আমগুৰি শিক্ষাখণ্ডৰ অন্তৰ্গত খড়াগড় মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰদীপ গগৈয়ে বিদ্যালয়ত মদ্যপান কৰি অহাৰ অভিযোগ উত্থাপন হৈছে৷

মদ্যপান কৰি বিদ্যালয়লৈ অহাৰ লগতে বিত্তীয় খেলিমেলি কৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজ, জাতীয় সংগঠন আৰু বিদ্যালয় পৰিচালনা সমিতিয়ে। সদৌ তাই আহোম ছাত্ৰ সন্থা, বিদ্যালয় পৰিচালনা সমিতি আৰু স্থানীয় ৰাইজে প্ৰধান শিক্ষক প্ৰদীপ গগৈৰ বিৰুদ্ধে ইতিমধ্যে জিলা শিক্ষা বিষয়াক অভিযোগ দিয়াৰ লগতে খড়াগড় মধ্য ইংৰাজী বিদ্যালয়ত কোনো কাৰণতে যোগদান কৰিবলৈ দিয়া নহব স্পষ্ট কৰে। নিলম্বিত প্ৰধান শিক্ষক প্ৰদীপ গগৈৰ বিৰুদ্ধে বিদ্যালয়লৈ মদ্যপান কৰি অহা, বিদ্যালয়ৰ আন্তঃগাঠনি ধন আত্মহাৎ কৰা, বিদ্যালয়ৰ পুথিভৰালৰ নামত অহা পুজি আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজে৷