
গুৱাহাটীঃ এইবাৰ অখিল গগৈক নহয়। আপোনাকো জেললৈ পঠিয়াব সৰ্বা চৰকাৰে। পিকনিকত আপুনি সুৰাৰ সোৱাদ ল’লেই হাতে-লোতে ধৰিবহি আৰক্ষী আৰু আবকাৰী বিভাগৰ লোকে। তেওঁলোকৰ চোৰাংচোৱা থাকিব আপোনালোকৰ আশে-পাশে।
সুৰাৰ বটল খোলাৰ লগে লগে আপোনালোকৰ মাজৰ পৰা কোনোবা এজনে পুৰস্কাৰৰ লোভত ফোন কৰিব আৰক্ষীলৈ। আৰক্ষী আহি নতুন সংশোধিত আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি ৬ মাহ আপোনাক জেললৈ পঠিয়াব। লগতে মাতলামি কৰা সকলক ৫০ হাজাৰ টকাৰ জৰিমণা আৰু ৩ বছৰ পৰ্যন্ত ৰঙাঘৰত আৱদ্ধ ৰাখিব।
অসম আবকাৰী আইন ২০০০ৰ সংশোধনী বিধেয়ক আজি কেবিনেটত গৃহীত হৈছে। শীতকালীন অধিৱেশনৰ শেষৰফালে বিধানসভাত গৃহীত হ’ব এই নতুন বিধেয়ক। সুৰাসক্তসকলে খৰধৰ কৰক।
অন্যহাতে ৰাজহুৱা স্থানত বিশেষকৈ পাৰ্কিং প্লেচ, বিদ্যালয়-মহাবিদ্যালয়ৰ সমুখত আৰু সুৰাৰ দোকানৰ সমুখত মদ সেৱন কৰিলেও ৬ মাহ পৰ্যন্ত কাৰাগাৰলৈ যাব লাগিব। ৱাইন শ্বপৰ মালিকৰ বিৰুদ্ধে ৫০ হাজাৰ টকাৰ জৰিমনা বিহাৰ লগতে অবৈধভাৱে সুৰা সৰবৰাহ কৰিলে সৰবৰাহকাৰীৰ ২ বছৰ জেল আৰু তেওঁ উঠি যোৱা গাড়ীখন জব্দ কৰি চৰকাৰে নিলামৰ ব্যৱস্থা কৰিব।
অৱশ্যে চৰকাৰৰ এনে পদক্ষেপ পিছলৈ কিমানদূৰ কাৰ্যক্ষেত্ৰত ৰূপায়িত সেয়া সময়তহে দেখা যাব। বিশেষকৈ থলুৱা সুৰা উভৈনদী কৰা চৰকাৰখনে এইক্ষেত্ৰত যে সফল হ'ব পাৰিব তাক লৈ বহুতে সন্দেহ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। এই আইনখন ৰাজহুৱা স্থানত ধূমপান নিষেধ আইনৰ দৰে হ'ব বুলিও একাংশই মন্তব্য কৰিছে।