• ৰাইজে বহুবাৰ প্ৰশাসনক এই বিষয়ে অৱগত কৰাৰ পাছতো কোনো ব্যৱস্থা লোৱা নাছিল  আৰক্ষী প্ৰশাসনে ৷
  • সেয়ে অতিস্থ হৈ ৰাইজে নিজাববীয়াকৈ ব্যৱস্থা হাতত লৈ বহু দিনে চলি থকা এই ঘাটি উচ্ছেদ কৰিবলৈ সক্ষম হয়

                         

নগাঁওঃ নগাঁও জিলাৰ অন্তৰ্গত জুৰীয়াৰ বালুগুটিয়াত নিষিদ্ধ ব্ৰাউন চুগাৰ সহ আটক অসাধু ব্যৱসায়ী ৷ চোৰাং ব্যৱসায়ীজন হৈছে মুন্নাছ আলী। জুৰীয়া আৰক্ষীৰ নিলিপ্ত ভূমিকাত ক্ষুব্ধ ৰাইজে নিজাকৈ অভিযান চলাই আটক কৰে ব্যৱসায়ী মুন্নাছ আলীক । 

ধৃত মুন্নাছৰ ঘৰ জাৰামাৰীত। উল্লেখ্য যে নিষিদ্ধ ড্ৰাগছৰ ঘাটি ৰূপে পৰিচিত জুৰীয়াৰ বালুগুটিয়ালৈ বিভিন্ন ঠাইৰ পৰা দৈনিক শতাধিক লোক ড্ৰাগছ সেৱন কৰিবলৈ আহে বুলি স্বীকাৰোক্তি দিয়ে ধৃত অপৰাধী মুন্নাছে ৷ 

কালিৰে পৰা ৰাইজে নিজাকৈ অভিযান চলাই কেইবাজনো ড্ৰাগছ সেৱনকাৰীক ধৰা পেলাইছিল আৰু আজি তেওঁলোকৰ কথাৰ ওপৰত ভিত্তি কৰি ব্যৱসায়ী মুন্নাছ আলিক ধৰিবলৈ সক্ষম হয়৷ ৰাইজে অভিযোগ কৰা মতে ৰাইজে বহুবাৰ প্ৰশাসনক এই বিষয়ে অৱগত কৰাৰ পাছতো কোনো ব্যৱস্থা লোৱা নাছিল  আৰক্ষী প্ৰশাসনে ৷ সেয়ে অতিস্থ হৈ ৰাইজে নিজাববীয়াকৈ ব্যৱস্থা হাতত লৈ বহু দিনে চলি থকা এই ঘাটি উচ্ছেদ কৰিবলৈ সক্ষম হয় ৷