ডিজিটেল ডেস্কঃ এলএছডি, এমডিএমএৰ দৰে ভয়ংকৰ নিচাযু্ক্ত ড্ৰাগছৰ এটা কুচক্ৰ ক্ৰমে উৎখাতৰ দিশে আগবাঢ়িছে। আৱকাৰী বিভাগে ইতিমধ্যে লাভ কৰা তথ্যত সদৰী হৈছে কুচক্ৰটোক লৈ কেতবোৰ হতভম্ব হ’বলগীয়া কথা।

প্ৰায় এহাজাৰৰো অধিক লোক জড়িত হৈ থকা এই কুচক্ৰটোত চিনেমা প্ৰযোজকৰ পৰা আৰম্ভ কৰি অভিযন্তা পৰ্যন্ত সাঙোৰ খাই পৰাত বিষয়টো ৰহস্যঘন হৈ পৰিছে।

পৌৰ নিমগৰ বিষয়ববীয়াকে ধৰি স্কুল-কলেজত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীও এই কুচক্ৰটোৰ সৈতে ড্ৰাগছ ক্ৰয় কৰাত জড়িত বুলি আৱকাৰী বিভাগৰ এজন জেষ্ঠ বিষয়াই সদৰী কৰিছে। হায়দৰাবাদ আৰু চিকন্দৰাবাদত বিভাগে দেওবাৰৰপৰা চলোৱা অভিযানত ইতিমধ্যে আঠজন লোক ধৰা পৰিছে। ইয়াৰে ৫ জনেই পেছাত অভিযন্তা। 

ধৃত ব্ৰেণ্ডন বেন নামৰ বিশ বৰ্ষীয় ইভেণ্ট মেনেজমেণ্টৰ কোম্পানী চলোৱা যুৱকজনক ড্ৰাগছ যোগান ধৰাৰ অন্যতম অভিযুক্ত বুলি বিভাগে সদৰী কৰিছে।

তিনিজন অভিযুক্তৰ ম’বাইল ফোন আৰু ইমেইল পৰীক্ষা কৰি বিভাগে অনুমান কৰিছে যে ক্ৰেতা-বিক্ৰেতাৰ এই চক্ৰটোত প্ৰায় এহাজাৰৰো অধিক লোক জড়িত হৈ আছে। পৌৰ নিগমত কাম কৰা লোকৰ পৰা আৰম্ভ কৰি চাইবাৰবাদত কাম কৰা আইটি ফাৰ্মৰ লোকো ইয়াতে জড়িত হৈ থকা বুলি আৰক্ষীয়ে সন্দেহ ব্যক্ত কৰিছে।