নগাঁও টাউনঃ নগাঁও জিলাৰ হয়বৰগাঁও আৰক্ষীয়ে আজি এক অভিযান চলাই ইয়াৰ অন্তৰ্গত বৰভেটিত বৃহৎ পৰিমানৰ নিচাজাতীয় দ্ৰব্য সহ চাৰিজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয়৷

হয়বৰগাওঁ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জ্যোতি লাহনে জানিবলৈ দিয়া মতে তেওঁলোকে লাভ কৰা এক গোপন সূত্ৰৰ পম খেদি বৰভেটি অঞ্চলত বহুদিনৰ পৰাই ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই সামাজিক পৰিৱেশ বিনষ্ট কৰা এটা চক্ৰক হাতে-লোটে ধৰিবলৈ সক্ষম হয় ৷

আৰক্ষীয়ে বৰভেটিৰ আবু বক্কৰ চিদ্দকীৰ পুত্ৰ বাহাৰুল ইছলাম ওৰফে বাবুলিৰ ঘৰত অভিযান চলাই ড্ৰাগছ সহ জুৰীয়া বালিকটীয়াৰ শ্বাহজাহান আলীৰ পুত্ৰ মকিবুৰ ৰহমানকো গ্ৰেপ্তাৰ কৰে৷

পৰৱৰ্তী সময়ত তেওঁলোকৰ ভাষ্যৰ ভিত্তিত বৰদোৱাৰ জনৈক মকিবুৰ আৰু মিনাৰুল হকক গ্ৰেপ্তাৰ কৰে৷ আৰক্ষীয়ে আটকাধীন কেইজনৰ বিৰুদ্ধে এটি গোচৰ ৰুজু কৰি জেৰা অব্যাহত ৰাখিছে৷