নগাঁৱঃ নগাঁৱত এতিয়াও অব্যাহত আছে নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া বেহা৷ নগাঁও আৰক্ষীৰ চকুৰ সন্মুখতে এক দুষ্ট চক্ৰই চলাই আহিছে এই বেহা৷

ড্ৰাগছৰ ঘাটি নিৰ্মূলত ব্যৰ্থতা প্ৰদৰ্শন কৰা আৰক্ষীক উপহাস কৰি এইবাৰ নগাঁও চহৰৰ দাঁতিকাষৰীয়া বৰভেটি অঞ্চলত একাংশ মহিলাই উচ্ছেদ কৰিলে এটা ড্ৰাগছৰ ঘাটি৷ লগতে জ্বলাই দিলে বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ৷

বৰভেটিৰ মাজগাঁওস্থিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এটা গুদাম ঘৰৰ চৌহদত থকা এটা কালভাৰ্টৰ ভিতৰত ড্ৰাগছ মাফিয়া জাকিৰ হুছেইনে লুকুৱাই ৰাখিছিল এই ড্ৰাগছখিনি৷ কিন্তু ড্ৰাগছ মাফিয়া জাকিৰ হুছেইনে পলাই সাৰিবলৈ সক্ষম হয়৷

দীৰ্ঘদিনে এইটো ড্ৰাগছ মাফিয়াই নিৰ্বিঘ্নে ড্ৰাগছৰ মুকলি বেহা চলাই পৰিবেশ বিনষ্ট কৰি অহাৰ পিছতো আৰক্ষীয়ে ৰহস্যজনকভাৱে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত অতিষ্ঠ হৈ এইদৰে মহিলাই চলালে এই উচ্ছেদ অভিযান৷ তদুপৰি উত্তেজিত মহিলাসকলে বৰভেটি অঞ্চলত চলি থকা কেইবাটাও অবৈধ চুলাই মদৰ ঘাটিও লণ্ড-ভণ্ড কৰে