তেজপুৰঃ দুর্গাপূজা আৰু মহৰম উপলক্ষে শোনিতপুৰত জিলাত দুয়োটা উৎসৱ শান্তি-শৃংখলা অটুট ৰাখি পালন কৰিবলৈ শোনিতপু জিলা প্রশাসনে ৰাইজলৈ আহ্বান জনাইছে। পূজাৰ সময়ছোৱাত যাতে কোনোৱে কূটাঘাত মূলক কার্য্য সংঘটিত কৰিব নােৱাৰে, তাৰ বাবে আৰক্ষী-প্রশাসনে পূজাৰ দিনকেইটাত নিৰাপত্তা ব্যৱস্থা কটকটীয়া অধিক কটকটীয়া কৰি তোলা হ’ব৷

আজি শোনিতপুৰ জিলা উপায়ুক্তৰ সন্মিলিত কক্ষত আয়োজিত এখন সংবাদ মেলত এই কথা সদৰী কৰে জিলা উপায়ুক্ত মনোজ কুমাৰ ডেকাই। দুর্গাপূজা, বিজয়া দশমী আৰু দছেৰা উৎসৱৰ কেইদিনত যাতে কোনো ধৰণৰ গণ্ডগোলৰ সৃষ্টি নহয়, তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা বুলিও জানিবলৈ দিয়ে।

প্রত্যেক পূজাস্থলীতে চিচি কেমেৰা স্থাপন কৰাৰ লগতে স্বেচ্ছাসেৱক ৰাখিবলৈ প্রশাসনে পূজা মণ্ডপৰ কর্মকর্তাসকললৈ অনুৰােধ জনাইছে। দুর্গাপূজাৰ পিছদিনাখনে প্ৰতিটাে পূজা মণ্ডপস্থলীৰ স্বচ্ছতা আনিবলৈ জিলা উপায়ুক্তই পূজা কমিটীসমূহলৈ নির্দেশ দিয়ে।

শোনিতপুৰ জিলা উপাযুক্তই জানিবলৈ দিয়া মতে জিলাৰ  জিলাখনত ৩৮০ খন দুর্গাপূজা অনুষ্ঠিত হ’ব। ইতিমধ্যে পূজাৰ সময়ছোৱাত যাতে কোনো দুস্কৃতিকাৰীয়ে দুষ্কার্য সংঘটিত কৰিব নোৱাৰে, তাৰ বাবে আৰক্ষীয়ে চোকা দৃষ্টি ৰাখিব বুলিও সংবাদ মেলত উপাযুক্তই জানিবলৈ দিয়ে।

জিলাখনত মটৰ চাইকেলত দুজন উঠা বন্ধ কৰাৰ লগতে নিশা দহ বজাৰ পিছত কোনো ধৰণৰ মাইক বজোৱা বন্ধ কৰাৰ নিৰ্দেশনা জাৰি কৰাৰ লগতে বিজয়া দশমী আৰু মহৰমৰ দিনা জিলা খনত সুৰামুক্ত দিন ঘোষণা কৰা হৈছে৷