
newsnextone.com ডিব্ৰুগড়ঃ নাগৰিকত্ব সংশোধনী বিধেয়ক তথা বাংলাদেশৰ হিন্দু শৰণাৰ্থী অসমত সংস্থাপনৰ তীব্ৰ বিৰোধিতা কৰিছে অসমৰ দল-সংগঠন, সাহিত্যিক, বুদ্ধিজীৱী, সাংবাদিক জ্যেষ্ঠ নাগৰিক, গায়ক অভিনেতা-অভিনেত্ৰীয়ে৷ সমাজৰ কোনো প্ৰকাৰৰ লোক প্ৰতিবাদ নকৰাকৈ থকা নাই৷ সকলোৱে সোচ্চাৰ হৈ পৰিছে বিজেপি চৰকাৰৰ অসম ধ্বংসকাৰী সিদ্ধান্তৰ বিৰুদ্ধে৷
মুঠৰ ওপৰত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ এতিয়া জ্বলিব ধৰিছে সমগ্ৰ ৰাজ্য৷ বিধেয়কখনৰ বিৰুদ্ধে এইবাৰ প্ৰতিবাদত নামিল গোৰ্খা ছাত্ৰ সন্থায়৷ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত বুধবাৰে দুলীয়াজানৰ পিপল তলত তিনি ঘণ্টীয়া দুলীয়াজান অৱস্থান ধৰ্মঘট পালন কৰে৷ দুলীয়াজান আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাই শীঘ্ৰে বিধেয়ক খন বাতিলৰ দাবী জনাই অন্যথাই তীব্ৰ আন্দোলন গঢি তোলাৰ ভাবুকি দিয়ে৷ গোৰ্খা ছাত্র সন্থাৰ কেইবাখনো আঞ্চলিক সমিতিৰ বিষয়-ববীয়া উপস্থিত থাকে কাৰ্যসূচীত।