
গুৱাহাটীঃ দুলীয়াজান ছোৱালী মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষ (আই কিউ এ চি)ৰ উদ্যোগত তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহযোগত বৃহস্পতিবাৰে এখন এদিনীয়া কৰ্মাশালা হৈ যায়৷
মহাবিদ্যালয়ৰ সূত্ৰই জানিবলৈ দিয়া মতে, কৰ্মশালাখনৰ বিষয়বস্তু আছিলঃ ‘স্বয়ম-মুকছ’ (SWAYAM: Study Webs of Active Learning for Young Aspiring Minds, MOOCs: Massive Open Online Course)৷
আগন্তুক শিক্ষা বৰ্ষৰপৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ে আৰম্ভ কৰিবলগীয়া চি বি চি এছ পাঠ্যক্ৰমৰ সৈতে সম্পৰ্ক থকা এই ‘স্বয়ম-মুকছ’ শীৰ্ষক কৰ্মশালাত সমল-ব্যক্তি ৰূপে উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দূৰ আৰু মুক্ত শিক্ষা সঞ্চালকালয় (DODL)ৰ শিক্ষা বিভাগৰ সহকাৰী অধ্যাপিকা ড০ শ্ৰুতিধাৰা মহন্ত আৰু কম্পিউটাৰ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা তথা ‘স্বয়ম’ৰ সমন্বয়ক ড০ মৰমী গগৈ৷
দুলীয়াজান, নাহৰকটীয়া, নামৰূপ, সাপেখাটী, তিনিচুকীয়া আদি স্থানৰ মহাবিদ্যালয়ৰপৰা অহা কেইবাজনো অধ্যাপক-অধ্যাপিকাই এই কৰ্মশালাত অংশগ্ৰহণ কৰাৰ লগতে শতাধিক ছাত্ৰ-ছাত্ৰীয়েও অংশগ্ৰহণ কৰে৷
দুলীয়াজান ছোৱালী মহাবিদ্যালয়ৰ আই কিউ এ চিৰ সমন্বয়ক তথা ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপিকা জয়শ্ৰী বৈশ্যই আৰম্ভণি বক্তব্য দাঙি ধৰা কৰ্মশালাখনৰ আদৰণি ভাষণ আগবঢ়ায় মহাবিদ্যালয়কনৰ অধ্যক্ষা ড০ লখিমী ফুকনে৷
ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপিকা ছায়ামণি হাজাৰিকাই আঁত ধৰা কৰ্মশালাখনৰ অন্তত শলাগৰ শৰাই আগবঢ়ায় মহাবিদ্যালয়খনৰ উপাধ্যক্ষা সুজাতা বৰকটকীয়ে৷