20
Feb
2019

দুলীয়াজানঃ জম্মু-কাশ্মীৰৰ পুলৱামাত যোৱা ১৪ ফেব্ৰুৱাৰীত পাক সমৰ্থিত সন্ত্ৰসবাদীয়ে কৰা আক্ৰমণত নিহত হোৱা ৪৪ জন ছহিদৰ আত্মাৰ সদগতিৰ অৰ্থে বুধবাৰেও শোকত ম্ৰিয়মান হৈ আছে দুলীয়াজানবাসী ৰাইজ।
বীৰ ছহিদ কেইগৰাকীৰ চিতাৰ দাউ দাউ কৈ জ্বলি থকা জুই যেন সকলোৰে চকুত ভাঁহি আছে এতিয়াও। তদুপলক্ষে আজি সন্ধিয়া ৫ঃ৩০ বজাত দুলীয়াজানৰ কুমুদ নগৰ তিনিআলিত নগৰৰ ৰাইজে অগনন বন্তিৰে বীৰ ছহিদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।