newsnextone.com | দুলীয়াজানঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে শুকুৰবাৰে গৰজি উঠিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলা তথা গৃহ সমষ্টি চাবুৱাৰ ৰাইজ৷ এইবাৰ পুনৰ গৰজি উঠিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলাৰ তৈলনগৰী দুলীয়াজানৰ ৰাইজ৷ কেইবাটাও সংগঠনৰ আহ্বানত সোণোৱালৰ গৃহ জিলাৰ ৰাইজ শনিবাৰে হিল-দ’ল ভাঙি ওলাই আহে৷

একেখন মঞ্চত জাতীয়-জনগোষ্ঠীয় সংগঠন একত্ৰিত হৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আহ্বান জনোৱা গণ সমাবেশত পুৱাৰে পৰা কেইবা হাজাৰ লোক ঘৰৰ পৰা ওলাই আহি হুংকাৰ দি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী জনায়৷ মুখ্যমন্ত্ৰীক জাতিৰ স্বাৰ্থত জাতীয় নায়কৰ ভূমিকা পালন কৰিবলৈ দাবী জনায়৷

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমৰ ৰাইজ যে সঁচাকৈ জাগিছে মুখ্যমন্ত্ৰীৰ জন্ম জিলাৰ ৰাইজে শনিবাৰে প্ৰতিপন্ন কৰে৷ অসমীয়া বিৰোধী বিধেয়ক বাতিলৰ দাবীত সমগ্ৰ ৰাজ্যতেই ব্যাপক পতিবাদ অব্যাহত থকাৰ সময়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জন্ম জিলা ডিব্ৰুগড়ত দল-সংগঠনৰ সন্মিলিত মঞ্চই অনুষ্ঠিত কৰা সমাবেশত কেইবা হাজাৰ লোকে সংকল্প লয় নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ৷

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল তথা হিন্দু বাংলাদেশী সংস্থাপনৰ বিৰুদ্ধে শনিবাৰে বিশাল গণ সমাবেশ অনুষ্ঠিত হয় তৈলনগৰী দুলীয়াজানত। দুলীয়াজানৰ জাতীয়-জনগোষ্ঠীয় সংগঠনৰ আহ্বানত দুলীয়াজানৰ লক্ষ্মী প্লেছত কেইবা হাজাৰ লোকৰ উপস্থিতিত অনুষ্ঠিত সমাবেশত বিশিষ্ট শিক্ষাবিদ ড০ সত্যকাম বৰঠাকুৰ, কৃষক নেতা অখিল গগৈ, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে ভাষণ প্ৰদান কৰে। 

দুলীয়াজান কলেজৰ অধক্ষ পূৰ্ণকান্ত হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত অখিল গগৈয়ে ভাষণ প্ৰদান কৰি বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে৷ অখিলে সকলো ৰাইজক ঐক্য বদ্ধ হোৱাৰ এয়াই সময় বুলি কয়৷ বিশেষকৈ যুৱ শক্তি ওলাই আহি অসমৰ স্বাৰ্থ ৰক্ষা কৰাত গুৰুত্ব দিবলৈ সময় আহি পৰিছে বুলি কয়৷ 

কৃষক নেতা অখিল গগৈয়ে উদাত্ত কণ্ঠেৰে সমবেত ৰাইজক আহ্বান জনায় অসমত জাতীয়বাদৰ বিকাশ, নাগৰিক সংশোধনী বিধেয়ক ২০১৬ গৃহীত কৰিবলৈ লোৱা কাৰ্যৰ পটভূমি সম্পৰ্কত ঐতিহাসিক ব্যাখ্যা আগবঢ়াই৷ বিজেপি শাসিত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে৷ 

নিৰ্বাচনৰ পূৰ্বে নৰেন্দ্ৰ মোডীৰ লগতে জাতীয় নায়ক তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ ৰাইজক দিয়া প্ৰতিশ্ৰুতি সমূহ নস্যাৎ কৰি অসমক বিশেষ ৰাজ্যৰ মৰ্যদা কৰ্তন, উত্তৰ পূৰ্বৰ উদ্যোগ নীতি বাতিল, বিদেশীক অসমৰ পৰা বিতাড়নৰ বিপৰীতে কেৱল ধৰ্মৰ ভিত্তিত হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানেৰে অসমৰ ভাষা সংস্কৃতিক বিপদাপন্ন কৰিবলৈ লোৱা কাৰ্য অতি দুৰ্ভাগ্যজনক আখ্যা দিয়ে অখিলে৷ 

অখিলে জনগণক থিয় কৰাই নাগৰিকত্ব বিধেয়ক গৃহীত হ’বলৈ নিদিয়াৰ সংকল্প বাক্য পাঠ কৰোৱায়৷ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে অসমৰ যুৱ প্ৰজন্মক অসমৰ ৰক্ষা কৰাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়৷ শিক্ষা-দীক্ষাৰ লগতে অসমীয়া জাতি ৰক্ষাৰ দায়িত্ব যুৱ প্ৰজন্মই পালন কৰিব লাগিব বুলি কয় চাংমাই৷

আটচাৰ কেন্দ্ৰীয় সম্পাদক দেৱেন ওৰাং, চুতিয়া ছাত্ৰ সন্থাৰ ক্ষিৰোদ শইকীয়া, গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি প্ৰেম তামাং, বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ সচিব প্ৰধান চন্দন সন্দিকৈৰ লগতে কেইবাজনো বিশিষ্ট লোকে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি ভাষণ প্ৰদান কৰে৷