123RF.com
123RF.com

নগাঁওঃ প্ৰধানমন্ত্ৰীৰ নতুন মুদ্ৰানীতিৰ ৫০০ আৰু ২০০০ টকীয়া নোটৰ জালনোট এতিয়া উপলব্ধ হৈছে বজাৰত৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত জালনোট আৰু সৰবৰাহকাৰী আটক হোৱাৰ সময়তে আজি নগাঁও চহৰত এজন জালনোট সৰবৰাহী সহ বুজন পৰিমাণৰ জালনোট জব্দ হয়৷

কেন্দ্ৰীয় আবকাৰী বিভাগৰ এটা দলে গোপনে অভিযান চলাই নগাঁৱৰ নেহৰুবালিৰ পৰা ৫০০ আৰু ২০০০ টকীয়া নোটৰ ১,৫১,৫০০ টকাৰ জালনোট জব্দ কৰিবলৈ সক্ষম হয়৷

জানিব পৰা মতে, এই বুজন পৰিমাণৰ জালনোট খিনি হোজাইৰ নীলবাগানৰ জিয়াউদ্দিন নামৰ এজন ব্যক্তিয়ে কঢ়িয়াই আনিছিল৷ আনহাতে আবকাৰী বিভাগৰ দলটোৱে ধৃত যুৱকজনক আটক কৰি নগাঁও আৰক্ষীক চমজাই দিয়ে৷