27
Sep
2017

জয়সাগৰঃ আজি মহাসপ্তমী। শৰতৰ সুৱাস লৈ ধৰালৈ আগমন ঘটা শক্তিৰ অধিষ্ঠাত্ৰী দেৱী মা দুৰ্গাৰ ঠৰাৰ বুকুত আজি দ্বিতীয়টো দিন৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত দুৰ্গোৗসৱৰ ব্যপক আয়োজন চলি আছে৷
শিৱসাগৰ নগৰৰ মাজ মজিয়াত থকা ঐতিহাসিক দেৱী দ'লতো আহোম ৰজাৰ দিনৰ পৰা চলি অহা পৰম্পৰা অনুসৰি ষষ্ঠীৰ দিনা দেৱীক প্ৰতিষ্ঠা কৰা হয়৷ তাৰ পাছত আজি মহাসপ্তমীৰ দিনা বিভিন্ন নীতি নিয়মৰ মাজেদি ঐতিহাসিক বলি বিধান প্ৰক্ৰিয়া কোমোৰা বলিৰে আৰম্ভ কৰা হৈছে।
ৰাতিপুৱাৰে পৰা অসমৰ বিভিন্ন প্ৰান্তৰ অগণন ভক্তই দ’লত পূজা অৰ্চনাৰ বাবে ভিৰ কৰা দেখা গৈছে।