ওদালগুৰিঃ শাৰদীয়া দূৰ্গোৎসৱলৈ মাজত মাথো এটা দিন৷ অৰ্থাৎ কাইলৈ ষষ্ঠী পূজা। সমগ্ৰ ৰাজ্যৰ লগতে ওদালগুৰিতো চলিছে দূৰ্গোৎসৱৰ ব্যাপক উৎসাহ-উদ্দীপনা। পূজাৰ বজাৰত দেখা গৈছে গ্ৰাহকৰ লানি নিছিগা সোত।

চহৰখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় কুৰিৰো অধিক পূজা মণ্ডপৰ লগতে পূজা সমিতি সমূহ ইতিমধ্যে সাজু হৈ পৰিছে দুৰ্গতিনাশিনী মা দুৰ্গাৰ শ্ৰীচৰণত পূজা অৰ্পনৰ উদ্দেশ্যে। আটকধুনীয়াকৈ সজাই তোলা হৈছে পূজামণ্ডপসমূহ। ক’ৰবাত যদি হেলিকপ্তাৰ আন ক‘ৰবাত সম্পূৰ্ণ বৈদিক পৰম্পৰাৰে নিৰ্মাণ কৰি তোলা হৈছে পূজা মণ্ডপসমূহ।

সমানে ব্যস্ততা বাঢ়িছে মৃৎ শিল্পীসকলৰো। পূজালৈ মাজত মাথো এটা দিন থকাৰ সময়তে দুৰ্গাৰ প্ৰতিমাত শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে তেওঁলোক। দুৰ্গোৎসৱৰ সময়ত ওদালগুৰিত বৃদ্ধি পাইছে দুৰ্গা পূজা সমিতি আৰু মৃৎ শিল্পীসকলৰ ব্যস্ততা।