
তামুলপুৰঃ বিটিএডিৰ চাৰিখন জিলাত দুৰ্গা পূজা উদযাপনৰ প্ৰস্তুতি প্ৰায় সম্পুৰ্ণ হৈ উঠিছে৷ মৃন্ময় মুৰ্তি সমূহত শেষ পৰশ দি আটক-ধুনীয়া কৰি তুলিছে শিল্পীসকলে৷ বিটিএডিৰ প্ৰতিখন পূজা মণ্ডপত প্ৰশাসনেও চোকা নজৰ ৰখা পৰিলক্ষি হৈছে৷ বিটিএডিৰ বাক্সা জিলা তামুলপুৰ মহকুমাৰ অন্তৰ্গত তামুলপুৰ আঞ্চলিক দুৰ্গা পূজা উৎসৱে এই বেলি ৫০ বছৰত ভৰি দিলে৷
৫০ বছৰত ভৰি দিয়া তামুলপুৰ দুৰ্গা পূজা উৎসৱক এইবেলি সোণালী জয়ন্তী উৎসৱ হিচাপে পালন কৰিবলৈ ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷ ২১ চেপ্তেম্বৰৰ পৰা ৩০ চেপ্তেম্বৰলৈ ১০ দিনীয়া বৰ্ণাঢ্য কাৰ্যসুচীৰে অনুষ্ঠিত হ’বলগীয়া সোণালী জয়ন্তী দুৰ্গা পূজাৰ দেবেন বড়োক সভাপতি সুশান্ত ৰামচিয়াৰীক সম্পাদক হিচাপে লৈ পৰিচালনা সমিতি গঠন কৰা হৈছে৷ কাৰ্যসূচী অনুসৰি ২১ চেপ্তেম্বৰত দুৰ্গা দেৱীৰ নৱৰাত্ৰি পূজা আৰম্ভ হ’ব৷
তাৰ পিছতে আদৰণী তোৰণ উদ্বোধন, আয়তীৰ নাম অনুষ্ঠিত হ’ব৷ ২২ চেপ্তেম্বৰ আয়তীৰ নাম, ৫০ খন ধৰ্মধ্বজা উত্তোলন, স্মৃতিতৰ্পন, বৃক্ষৰোপন, আয়তীৰ নাম অনুষ্ঠিত হ’ব৷ ২৫ চেপ্তেম্বৰৰ পুৱাৰ ভাগত আয়তীৰ নাম, ৫০গৰাকী কুমাৰীৰ পানী তোলন সমদল যাত্ৰা, ষষ্ঠী তিথি আৰম্ভ, মুখ্য দ্বাৰ উন্মোচন, মন্দিৰ দ্বাৰ উন্মোচন, দেৱীৰ বোধন, আয়তীৰ নাম অনুষ্ঠিত হ’ব৷
২৬ চেপ্তেম্বৰৰ পুৱা খেৰাই নৃত্য, ওজাপালি প্ৰদৰ্শন, দুৰ্গাদেৱীৰ আমন্ত্ৰণ আৰু অধিবাস, আধুনিক নৃত্য প্ৰতিয়োগিতা, ২৭ চেপ্তেম্বৰত আয়তীৰ নাম, মহিলা নাগাৰা নাম, সমূহিয়া বন্তি প্ৰজ্বলন, সাংস্কৃতিক সন্ধিয়া, ২৮ চেপ্তেম্বৰৰ মহাষ্টমী পূজা আৰম্ভ, আয়তীৰ নাম, পুৰুষ-মহিলাৰ নাগাৰা নাম, পূজাত বিভিন্ন দাতাক সম্বৰ্দ্ধনা জনাব পৰিচালনা সমিতিয়ে৷ ২৯ চেপ্তেম্বৰত বাথৌ আৰজ, সাংস্কৃতিক শোভাযাত্ৰা, ধৰ্মালোচনী সভা, স্মৃতি গ্ৰন্থ উন্মোচন, সাংস্কৃতিক সন্ধিয়া, ৩০ চেপ্তেম্বৰত আয়তীৰ নাম, আদিবাসী নৃত্য প্ৰদৰ্শন আৰু প্ৰতিমা বিসৰ্জনৰে পূজাৰ সামৰণি পৰিব।