তেজপুৰঃ শাৰদীয় দুৰ্গোৎসৱৰ সময়ত ৰাজ্যজুৰি সৃষ্টি হৈছে উখল মাখল পৰিৱেশ৷ বিভিন্ন প্ৰান্তত ন ন ৰূপেৰে শক্তিৰ অধিষ্ঠাত্ৰী মা দুৰ্গাক আদৰি অনাৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈছে৷

সাংস্কৃতিক নগৰী তেজপুৰতো সমাপন কৰা হৈছে দুৰ্গোৎসৱৰ প্ৰস্তুতি৷ প্ৰতিবছৰৰ দৰে এইবাৰো তেজপুৰৰ ১২৫ খন দুৰ্গা মণ্ডপত উলহ মালহেৰে আদৰণি জনোৱা হ’ব দেৱী দুৰ্গাক৷

আনহাতে তেজপুৰৰ জাহাজঘাটৰ শ্ৰী শ্ৰী সাৰ্ৱজনীন দুৰ্গা পূজা সমিতিয়ে অইন বেলিৰ দৰে এইবেলিও একেখন পূজা পেণ্ডেলতে দুখন বূজা আয়োজন কৰি তেজপুৰ তথা শোনিতপুৰ জিলাৰ ভিতৰতে এখন ব্যতিক্ৰম দুৰ্গা পূজা হিচাপে স্বীকৃতি লাভ কৰিছে৷