ৰঙিয়াঃ স্বচ্ছতাৰ ফালে আৰু এখোজ৷ প্ৰধানমন্ত্ৰীৰ স্বচ্ছ ভাৰত অভিযান মন্ত্ৰনাৰ পাছত এইবাৰ স্বচ্ছতাত নামিছে স্বেচ্চাসেৱী সংগঠনসমূহো৷ ৰঙিয়াৰ প্ৰভাতী কিৰণ নামৰ সমাজিক সংগঠনটোয়ে আজি ৰঙিয়াৰ পূজা মণ্ডপ সমূহত ডাষ্টবিন বিতৰণ কৰে।

পূজা মণ্ডপ সমূহ চাফ চিকুণ কৈ ৰখাৰ এক পদক্ষেপ গ্ৰহণ কৰি সামাজিক সংগঠনটোয়ে এনেদৰে ৰঙিয়াৰ দহখনকৈ পূজামণ্ডপ সমিতিক সামাজিক সংগঠনটোৰ সভাপতি মৃদুল শৰ্মা আৰু সম্পাদক ধনমনি দত্তৰ লগতে সদস্য সমূহৰ পৰা ডাষ্টবিন সমূহ প্ৰদান কৰে।