শিৱসাগৰঃ বৃহস্পতিবাৰে নিশা শদিয়াৰ ধলাত সংঘটিত হোৱা নাৰকীয় ঘটনাৰ পাছতেই আজি আলফাক আলোচনাপন্থী গোটৰ জিতেন দত্তসহ দুজন নেতাক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ কিয় তেওঁলোকক আটক কৰা হ’ল, সেই বিষয়ে আৰক্ষীয়ে একো প্ৰকাশ কৰা নাই৷ অৱশ্যে শিৱসাগৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বলীন দেউৰীয়ে জনোৱা মতে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ নিৰ্দেশক্ৰমে তেওঁলোকক আটক কৰা হৈছে৷ 

দিনৰ প্রায় ১১ বজাত গৌৰীসাগৰ থানা তিনিআলিত তিনিচুকীয়ালৈ গৈ থকা অৱস্থাত অতিৰিক্ত আৰক্ষী অধীক্ষক দেউৰীৰ উপস্থিতিত গৌৰীসাগৰ আৰক্ষীয়ে দত্তক আটক কৰে৷ ইয়াৰ পাছতে বিভিন্ন দল-সংগঠনৰ নেতা-কৰ্মী ভৰি পৰে দত্তক আটক কৰাৰ স্থানত৷ ক্ষুব্ধ জনতাই ৩৭ নং ৰাষ্ট্রীয় ঘাইপথৰ প্রায় এঘন্টাৰ বাবে অৱৰোধ কৰি উত্তাল প্রতিবাদ কৰে৷ 

উচতনিমূলক মন্তব্য কৰাৰ পাছতো বিধায়ক শিলাদিত্য দেৱ, সুকুমাৰ বিশ্বাসকে ধৰি এনে কাৰ্য কৰাসকলক কিয় গ্রেপ্তাৰ কৰা হোৱা নাই বুলি তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছে৷