জাজৰিঃ বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই বৃহস্পতিবাৰে ই-ৰিক্সা বিতৰণ কৰে৷ অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযানৰ অধিনত নগাঁৱৰ বটদ্ৰৱাৰ দলংঘাট উন্নয়ন খণ্ডৰ ৫টা গ্ৰাম্য সংগঠনক ই-ৰিক্সা প্ৰদান কৰে আঙুৰলতাই।

দলংঘাট ৰাজহুৱা ভৱনত বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা আৰু নগাঁও জিলা উপায়ুক্ত চমচেৰ সিঙে আনুষ্ঠানিকভাৱে কাকমাৰি পঞ্চায়তৰ নৱসুৰুষ গ্ৰাম্য সংগঠন, সমন্বয় আত্ম সহায়ক গোট, ৰাইদঙীয়া পঞ্চায়তৰ বিৰাংগনা এচ চি গ্ৰাম্য সংগঠন, আইভেটি পঞ্চায়তৰ কৰচুং নিজৰা ১নং গ্ৰাম্য সংগঠন আৰু ভকতগাঁও পঞ্চায়তৰ সৃষ্টি বিকাশ গ্ৰাম্য সংগঠনক ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযানৰ ই-ৰিক্সা বিতৰণ কৰে।

দলংঘাট উন্নয়ন খণ্ডৰ গ্ৰাম্য সেৱীকাসকলে পৰিবেশন কৰা সমবেত সংগীত আৰু বি পি এম টিনামুনি দত্তই উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত জিলা প্ৰকল্প সঞ্চালক চন্দন তালুকদাৰ, বি ডি অ জীতেন্দ্ৰ কুমাৰ নাথ, কনিষ্ঠ অভিযন্তা হৰমোহন হালৈ উপস্থিত থাকে।