ডিব্ৰুগড়ঃ কালিৰেপৰা আৰম্ভ হোৱা অৰ্থনৈতিক অৱৰোধৰ ফলত বিপাঙত পৰিছে সমগ্ৰ উজনি অসমৰ লগতে চাবুৱা-লাহোৱালবাসী ৰাইজো ৷ উল্লেখযোগ্য যে, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ,নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলকে প্ৰমুখ্যে কৰি বিভিন্ন দাবীৰ সমৰ্থনত মটক জনগোষ্ঠীৰ পাঁচোটাকৈ সংগঠনে তীব্ৰ প্ৰতিবাদ কৰি অহাৰ লগতে কালিৰে পৰা অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী হাতত লৈছে ৷ ফলত আবদ্ধ হৈ পৰিছে শ শ ট্ৰাক ৷ সামগ্ৰীৰ যোগানত আহি পৰিছে প্ৰতিবন্ধকতা ৷ ব্যৱসায়ী,কৰ্মচাৰী তথা ছাত্ৰ-ছাত্ৰীকে আদি কৰি বিপাঙত পৰিছে সকলো ৰাইজ ৷

পে’ট্ৰল-ডিজেলৰ দৰে নিত্যব্যৱহাৰ্য্য পণ্যজাত সামগ্ৰীৰ তীব্ৰ নাটনিত ভূগিছে সমগ্ৰ চাবুৱা-লাহোৱাল৷ স্বাভাৱিকতে দিকবিদিকি হেৰুৱাইছে সাধাৰণ খাটিখোৱা ৰাইজে ৷ শেহতীয়াকৈ পোৱা খবৰ অনুসৰি এই অৱৰোধক লৈ তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ 

মটক যুৱ-ছাত্ৰ সন্মিলনৰ সভাপতি ডেভিদ চেতিয়া, উপ-সভাপতি অজয় গগৈ, সাধাৰণ সম্পাদক ধৰণি গোহাঁই, মটক সন্মিলনৰ সাধাৰণ সম্পাদক কাজল গোহাঁই, মটক যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি যুগল বৰুৱাই জনোৱা মতে আজি মুখ্যমন্ত্ৰীৰ কাৰ্য্যালয়ৰ পৰা তেওঁলোকে পত্ৰ লাভ কৰিছে আৰু অহা ৩০ জানুৱাৰীত আলোচনা হোৱাৰ কথা ৷ গতিকে মুখ্যমন্ত্ৰীৰ সন্মানৰ প্ৰতি সহাঁৰি জনাই সাময়িকভাৱে আজি সন্ধিয়াৰপৰা অৱৰোধ উঠাই লোৱা হৈছে ৷ লগতে আলোচনাৰ নামত প্ৰসহন হ’লে ভৱিষ্যতে আকৌ প্ৰতিবাদী কাৰ্য্যসূচী হাতত ল’ব বুলি উল্লেখ কৰিছে ৷