
চৰাইদেউঃ চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ ব্যৱসায়ীসকলে নাগালেণ্ডৰ সৈতে বহু বছৰৰ পৰা সু-সম্পৰ্কৰে ব্যৱসায়-বাণিজ্য কৰি আহিছে যদিও শেহতীয়াকৈ ৰাজ্যখনৰ অস্ত্ৰধাৰী সংগঠন এনএছচিএনে অবৈধভাৱে ধন সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
স্থানীয় ব্যৱসায়ীসকলে জানিবলৈ দিয়া মতে, প্ৰতিখন গাড়ী প্ৰৱেশ কৰোতে ২০০ টকাকৈ লোৱা, ব্যৱসায়ীসকলক ধনদাবী কৰা, গাড়ীৰ পৰা বলপূৰ্বক ভাৱে বয়-বস্তু কাঢ়ি লোৱা, চালকৰ পৰা টকা-পইচা, মোবাইল আদি কাঢ়ি লৈ মৃত্যুৰ ভাবুকি দিয়া আদি বৰ্তমান নিত্য-নৈমিত্তিক ঘটনাৰ দৰে হৈ পৰিছে।
এই ক্ষেত্ৰত নাগালেণ্ডৰ চৰকাৰক ব্যৱসায়ীকসকলে বহুতো আবেদন-নিবেদন কৰি অহাৰ পিছতো আজিকোপতি কোনো সুব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ কৰে ব্যৱসায়ীসকলে। ফলত ব্যৱসায়ীসকল বহু লোকচানৰ সন্মুখীন হোৱাৰ লগতে চালকসকলে জীৱনৰ নিৰাপত্তাহীনতাত ভূগি আহিছে বুলি মন্তব্য কৰে।
শান্তিপূৰ্ণ সমাধান বিচাৰি নাগালেণ্ডৰ মন' জিলাৰ উপায়ুক্ত আৰু অসমৰ চৰাইদেউ জিলাৰ উপায়ুক্তক সোণাৰি'ৰ ব্যৱসায়ীসকলৰ যৌথ মঞ্চই প্ৰায় দুমাহ পূৰ্বে এখন স্মাৰক-পত্ৰও প্ৰদান কৰিছিল।
কিন্তু আজিকোপতি এই সমস্যাসমূহৰ কোনো স্থায়ী সমাধানৰ ব্যৱস্থা নকৰাত সোণাৰি ব্যৱসায়ী সন্থা, সোণাৰি ট্ৰাক সন্থা, সোণাৰি সৰু গাড়ী মালিক সন্থা, নামতোলা শিল ব্যৱসায়ী সন্থা আৰু সোণাৰি ড্ৰাইভাৰ সন্থা একত্ৰিত হৈ যৌথ মঞ্চৰ উদ্যোগত আজি পুৱাৰে পৰা সোণাৰিত নাগালেণ্ডৰ বিৰুদ্ধে অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ কাৰ্য্যসূচী ৰূপায়ন কৰে।