Moneycontrol
Moneycontrol

নগাঁওঃ নগাঁও জিলাৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান ভোমোৰাগুৰি বৰক’লা গুৰু শংকৰ নানক মহাবিদ্যালয়ত সোমবাৰে 'বিত্তীয় পৰিকল্পনা' শীৰ্ষক বিষয়ৰ ওপৰত এটি কৰ্মশালা অনুষ্ঠিত হৈ যায়৷ কৰ্মশালাত মানৱ সমাজত বিত্তীয় পৰিকল্পনাৰ উপকাৰিতা তথা বিত্তীয় পৰিকল্পনাৰ অবিহনে মানুহৰ জীৱন-ধাৰণ প্ৰক্ৰিয়াত পৰিব পৰা বিৰূপ প্ৰভাৱৰ সন্দৰ্ভত জ্ঞান প্ৰদান কৰাৰ উপৰি মানুহে দৈনন্দিন কাম-কাজত ধনৰ ব্যৱহাৰ, উপাৰ্জন আৰু জমা কি দৰে কৰাটো দৰকাৰী, সেই সম্পৰ্কতো তথ্যগতভাবে বুজাই দিয়া হয়৷

এই কৰ্মশালাত মানৱ সমাজৰ বাবে অতি গুৰুত্বপূৰ্ণ এনে এটি বিষয়ৰ ওপৰত আলোকপাত তথা জ্ঞান প্ৰদান কৰে দিল্লী আৰু লুধিয়ানা ষ্ট’ক এক্সচেঞ্জৰ পূৰ্বৰ পৰিচালন সঞ্চালক তথা এছ ই বি আইৰ সমল ব্যক্তি হৰজিৎ সিং সিদ্ধুয়ে৷

উক্ত কৰ্মশালাত বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰতাপ সিং, তাইজুল ইছলাম বক্সি (CEO,Assam Aromas), ভোমোৰাগুৰি বৰক’লা গুৰু শংকৰ নানক মহাবিদ্যালয়ৰ অধ্যক্ষা মৃণালী বৰা, মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি টংকেশ্বৰ দাস, সদস্য মোহিনী মোহন লস্কৰ, মূৰুলী মজুমদাৰ, ললিত সিং, থানুৰাম নাথকে প্ৰমুখ্য কৰি বহুকেইজন বিশিষ্ট নাগৰিকৰ লগতে ভোমোৰাগুৰি বৰক’লা গুৰু শংকৰ নানক মহাবিদ্যালয় আৰু বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে৷