সম্পাদকীয়--------------------------------------

হেমন্ত ফুকন
অখণ্ড ভাৰতত মোগলক পৰাজিত কৰা একমাত্ৰ অসমীয়া বীৰ লাচিত বৰফুকনক ৩৪৭ বছৰ পাছতো অসমীয়াই বিচাৰিছে কিয়? বীৰ লাচিত যুদ্ধ নিপুণতা, দেশপ্ৰম, দায়িত্ববোধ, আত্মসন্মানবোধ, সময়ানুৱৰ্তিতা, নিয়মানুৱৰ্তিতাৰ এক উজ্বল জ্যোতিষ্ক। অম্বৰৰ ৰজা তথা মোগলৰ সেনাপতি ৰামসিংহই অসম দখল কৰিবৰ নিমিত্তে গুৱাহাটীৰ কাষত কোঠ বান্ধি চাৰি বছৰ সুযোগৰ অপেক্ষাত আছিল। এই সময়ত মোগলে অসমীয়া সেনাক হাত কৰিবৰ বাবে ভিন্ন কূট-কৌশল অৱলম্বন কৰিছিল। পালি সেনাপতিসকলক হাত কৰিবৰ বাবে উপঢৌকন পৰ্যন্ত আগবঢ়াইছিল মোগল সেনাই। কিন্তু সেনানায়ক বীৰ লাচিতৰ সুনিপুণ নেতৃত্বৰ বাবে কোনো এজন অসমীয়াই মোগলৰ এই জালত ভৰি দিয়া নাছিল। মন কৰিবলগীয়া যে মোগলৰ দেশ জয়ৰ প্ৰথম কৌশলটোৱেই হ'ল শত্ৰুপক্ষৰ একাংশ বিষয়াক হাত কৰি লৈ যোদ্ধ ঘোষণা কৰি ঘৰ বিভীষণবোৰৰ সহায়ত দেশখন জয় কৰা। কিন্তু অসমত লাচিত বৰফুকনৰ বিচক্ষণ নেতৃত্বৰ বাবে মোগলৰ এই কৌশল বিফল হৈছিল।
সম্প্ৰতি অসমত মোগল সদৃশ আগ্ৰাসন হোৱা বুলি বহুতে ক'ব খোজে, সেয়া সাংস্কৃতিকভাৱেই হওক বা অৰ্থনৈতিকভাৱে হওক। সেয়ে অসমীয়াই অন্তঃকৰণেৰে বিচাৰিছে এজন লাচিতক, যাতে বৰ্তমানৰ 'মোগল'বোৰক কাবু কৰিব পৰা যায়। যিজনৰ নেতৃত্বত কোনো অসমীয়াই অসমীয়া সংস্কৃতিৰ শত্ৰুৰ চলনাময়ী কৌশলৰ জালত ভৰি নিদি অসমৰ খিলঞ্জীয়াৰ ভৱিষ্যত প্ৰজন্মক 'অসমীয়া' হৈ থকাটো সুনিশ্চিত কৰিব। যেনেদৰে প্ৰায় চাৰে তিনিশ বছৰ আগতে লাচিতে সেই সময়ৰ ভাৰতৰ অগ্ৰাসনৰপৰা সুৰক্ষিত কৰিছিল অসমৰ চাৰিসীমা, অসমীয়াৰ স্বাধীনতা, অসমীয়াৰ ভাষা, অসমীয়াৰ ধৰ্ম আৰু সংস্কৃতি।
সততে শুনা যায় বৰ্তমান অসমত আত্মসন্মানবোধ থকা নেতাৰ অভাৱ। আজিৰ নেতাসকলে দিল্লীৰ শৰণাপন্ন হৈ থাকে। বহু নেতাই নিজৰ শৰীৰত 'লাচিতৰ তেজ আছে' বুলি ৰাজনৈতিক ফুলজাৰি মাৰে। কিন্তু লাচিতৰ আত্মসন্মানবোধ তেওঁলোকে অনুধাৱন কৰিব নিবিচাৰে। যি লাচিতে শৰাইঘাটৰ যুদ্ধৰ বহু আগতেই বিজয়ৰ সপোন দেখিছিল, দেশৰ হৃত সন্মান ওভতাই আনিম বুলি স্বৰ্গদেৱক প্ৰতিশ্ৰুতি দিছিল, সেই লাচিতৰ অভাৱত অসমীয়া আজি মুমূৰ্ষু! মূৰৰ পাগুৰী লিগিৰাই কাঢ়ি লৈ যোৱাত স্বৰ্গদেৱৰ সন্মুখতে হেংদাং লৈ লিগিৰাক কাটিবলৈ যোৱাজনৰ আত্মসন্মানবোধ কিমান হ'ব সেয়া সহজে অনুমেয়।
আজি অসমৰ নেতাসকলক সন্মুখত বহুৱাই দিল্লীয়ে অসমীয়া জাতিধ্বংসী সিদ্ধান্ত লয় আৰু আমাৰ নেতাসকলে হেংদাং দাঙি খেদি যোৱাতোটো দূৰৰ কথা, মুখেৰে তু শব্দ এটাও নকয়। সেয়ে অসমীয়াই বিচাৰিছে এজন লাচিতক।
চাৰে তিনিশ বছৰ আগতে লাচিতৰ জন্ম নোহোৱাহ'লে আমি আজিৰ অসম আৰু আসমীয়া জাতি নাপালোঁহেঁতেন। একেদৰে আজি যদি অসমত আৰু এজন লাচিতৰ জন্ম নহয়, তেন্তে পৰৱৰ্তী এশ বছৰৰ পাছত ভৱিষ্যত প্ৰজন্মই 'অসমত এটা অসমীয়া জাতি আছিল' বুলি ইতিহাসৰ পাতত পঢ়িলৈহে পাব। সেয়ে প্ৰতিজন অসমীয়াই অতি আকুলতাৰে বাট চাই আছে এজন লাচিতৰ জন্মলৈ।