মানুহক বাদ দি অৰ্থাৎ মানুহ অবিহনে এই পৃথিৱীত কোনো মানুহ ঠিয় হৈ থাকিব পাৰেনে? মানুহ শব্দৰ অৰ্থ মনুষ্য, ব্যক্তি। পৃথিৱীৰ জীৱবোৰৰ ভিতৰত মানুহ আটাইতকৈ বুদ্ধিমান প্ৰাণী। মানুহৰ বাবে সংসাৰত মানুহতকৈ ডাঙৰ আৰু একো নাই। এই পৃথিৱীত মানুহক বাদ দি মানুহৰ কোনো কাম সম্ভৱ নহয়।

মানুহৰ সকলো সৃষ্টি-প্ৰেৰণা, চিন্তা-চেতনাৰ উৎস মানুহ। মানুহৰ ওপৰত মানুহৰ প্ৰভাৱ অসীম, অতুলনীয়। মানুহৰ সহায়-সহযোগ নোহোৱাকৈ কোনো মানুহ আগবাঢ়ি যাব নোৱাৰে। এজন মানুহ ঠিয় হৈ থকা মানে এই কথা বুজিব লাগিব যে পৰিয়াল, লগ-বন্ধু আৰু ওচৰ-পাজৰৰ কোনোবা নহয়, কোনোবাৰ সহায়-সহযোগিতাতহে সেয়া সম্ভৱ হৈছে। মুঠতে এই কথা ঠিক যে এজোপা বৰগছ ঠিয় হৈ থকাত তলৰ সৰু-সুৰা ঘাঁহ-বন, দুবৰি কেইডালৰো গুৰুত্ব অপৰিসীম।

♦ News Next One সম্পাদকীয় ০৩।০৮।২০১৭

পৃথিৱীখনক যদি এখন ফুলনি, তেন্তে প্ৰতিজন মানুহ এই বাগিছাৰ একোপাহ ফুল। একমাত্ৰ মানুহেই পৃথিৱীখন ইমান ধুনীয়া কৰি ৰাখিছে। মানুহ নোহোৱাকৈ এই পৃথিৱীত সুগন্ধ-সৌন্দৰ্য একোৱই সম্ভৱ নহয়। কোনো মানুহেই সৰু মানুহ অথবা ডাঙৰ মানুহ নহয়। মানুহ হিচাপে সকলো সমান। কাম-কাজেহে মানুহক বেলেগ বেলেগ কৰি দেখুৱায়। বিপদৰ সময়ত কেতিয়াবা এজন সাধাৰণ অচিনাকি মানুহেও আহি এনেকৈ সহায়ৰ হাত আগবঢ়াবহি পাৰে যে সি এজন মানুহক গোটেই জীৱনৰ কাৰণে প্ৰভাৱতিক কৰি ৰাখিব পাৰে।

কিছুমান মানুহ লগ পাই অনুভৱ হয়, যেন ভাল মানুহৰ সকলো গুণেই তেওঁৰ গাত আছে। আন মানুহক তেওঁ সদায় নম্ৰ-ভদ্ৰ আচৰণ কৰে, আনৰ ভাল লগাকৈ সকলো কথা ক’ব পাৰে, ভাল লগাকৈ নতুন নতুন কাম কৰি দেখুৱাব পাৰে, সকলোৰে লগত বিশ্বাসযোগ্য সম্পৰ্ক স্থাপন কৰিব পাৰে আৰু নিৰাপদে, গভীৰ প্ৰেম-ভালপোৱাৰে ধৰি ৰাখিব পাৰে।

কিন্তু ইমানৰ পিছতো আমি মানুহৰ লগত দ্বন্দ-খৰিয়াল নেৰো, ইজনে-সিজনৰ লগত হাই-কাজিয়া, মাৰপিট আনকি শত্ৰুতাত লিপ্ত হও। কাৰো লগত কাজিয়া-পেচাল নকৰাকৈ থকাতো যেন সম্ভৱ নহয় আমাৰ জীৱশ্ৰেষ্ঠ মানুহৰ? সেয়া ঘৰৰ মানুহকেইটাৰে মাজতে হওক কিম্বা ওচৰ-চুবুৰীয়া, লগ-বন্ধু, গাঁও, ৰাজ্য, দেশ, পৃথিৱী য’তেই নহওক কিয়। প্ৰতিদিনে আমি ইজনৰ পিছত সিজনকৈ মানুহ মাৰিছো। আমি হিংসা-বিদ্বেষ নকৰাকৈ নেৰো। এই হিংসা-বিদ্বেষপূৰ্ণ মনোভাৱ যেন আমাৰ জীৱশ্ৰেষ্ঠ মানুহৰ অন্যতম চিনাকি। তাৰ বাবে যে কিমান ঘৰ, পৰিয়াল, দেশ ভাঙি চূৰমাৰ হৈছে তাৰ কোনো লেখ-জোখ নাই। 

মুঠতে ওপজোতে কোনোৱে মানুহ হৈ নাহে। ওৰেটো জীৱনৰ শ্ৰম, জ্ঞান, সাধনাৰ মাজেদিহে মানুহে নিজকে উপযুক্ত মানুহ হিচাপে গঢ়ি তোলে। আমিও নিজৰ শ্ৰম, সাধনাৰ মাজেদি এই কথা অনুভৱ কৰিব নোৱাৰিম নে যে মানুহৰ বাবে একমাত্ৰ মানুহেই এই পৃথিৱীত আটাইতকৈ ডাঙৰ সম্পদ। মানুহক বাদ দি মানুহৰ জীৱনত সকলো অসাৰ, সকলো অসম্ভৱ।