দেশৰ চতুৰ্দশ ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত হ’ল ৰাম নাথ কোবিন্দ। শাসনাধিষ্ঠিত বিজেপি নেতৃত্বাধীন এন ডি এৰ দ্বাৰা প্ৰক্ষেপিত প্ৰাৰ্থী কোবিন্দৰ জয়ে ভাৰতীয় ৰাজনীতিত এক গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছে। দেশৰ প্ৰধান নাগৰিকজনৰ নিৰ্বাচন প্ৰকৃতপক্ষে এক সন্মানজনক প্ৰক্ৰিয়া।

বিগত সময়ছোৱাত দেশে এনে কেইবাগৰাকীও ৰাষ্ট্ৰপতি লাভ কৰিছে, যি সকল আছিল তেওঁলোকৰ প্ৰজ্ঞা, মেধা, দূৰদৰ্শিতা আৰু প্ৰগাঢ় ব্যক্তিত্বৰে জনগনক উদ্বুদ্ধ কৰি ৰখা গুণৰ অধিকাৰী। প্ৰাক্তন ৰাষ্ট্ৰপতি তথা বৰেণ্য বিজ্ঞানী ডঃ এ পি জে আব্দুল কালামৰ ভূমিকা চিৰ প্ৰাতঃস্মৰণীয়।

ভাৰতীয় শাসন ব্যৱস্থাত ৰাষ্ট্ৰপতিৰ আসনখন অলংকাৰৰূপে চিহ্নিত যদিও এই আসনখনৰ পৰাই এগৰাকী ৰাষ্ট্ৰপতিয়ে জনতাৰ হকে কল্যাণ সাধন কৰাৰ বাট মুকলি হৈ থাকে। আৰু এইক্ষেত্ৰত প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ কালামে গ্ৰহণ কৰা স্থিতিয়ে দেশৰ প্ৰধান নাগৰিকজনক এই বাটেৰেই জনতাৰ কাষ চপাই লৈ গৈছিল কল্যাণ সাধনৰ উদ্দেশ্যে।

এই নিৰ্বাচনতো সাম্প্ৰদায়িক আৰু জাত-পাতৰ ৰাজনীতিৰে উভয় শিবিৰে দেশৰ আটইতকৈ সন্মানজনক পদবীটো আৰু ইয়াৰ নিৰ্বাচন প্ৰক্ৰিয়াটোকেই কলুষিত কৰিলে। এই নঞাৰ্থক ৰাজনীতি গণতন্ত্ৰৰ বাবে মাৰাত্মক বেমাৰ। 

তেওঁৰ বিজ্ঞান আৰু আধুনিক মননশীলতা তথা প্ৰগতিবাদ আৰু ধৰ্ম নিৰপেক্ষ দৃষ্টিভংগীৰ দ্বাৰাহে এয়া সম্ভৱ হৈছিল। ভাৰতীয় ৰাজনীতিয়ে এই কথা সদায় স্মৰণ কৰিব। যি কি নহওক দেশে লাভ কৰা চতুৰ্দশগৰাকী ৰাষ্ট্ৰপতিক লৈও জনগণ প্ৰবল আশাবাদী। এই লৈ চলিছে ব্যাপক চৰ্চা।

কিন্তু সাধাৰণ জনতা যিমান উৎসাহী সিমান শংকিতও হৈছে, কাৰণ বিজেপি তথা আৰ এছ এছৰ হিন্দু ৰাষ্ট্ৰ গঠনৰ যি পৰিকল্পনা, সেই পৰিকল্পনাৰ আন এক গুৰুত্বপূৰ্ণ অংশ হ’ল নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি কোবিন্দ। আৰ এছ এছৰ কট্টৰ সদস্য তথা নেতা কোবিন্দক তেওঁৰ পাৰদৰ্শিতা আৰু প্ৰভাৱৰ বাবেই যে ৰাষ্ট্ৰপতি নিৰ্বাচিত কৰি তেওঁক পুৰষ্কৃত কৰা হৈছে তেনে নহয়, গেৰুৱা বহিনীৰ হিন্দুত্ববাদৰ সপোন সাৰ্থক কৰিবলৈহে এই পন্থা অৱলম্বন কৰা হৈছে বুলি ৰাজনৈতিক স্তৰত চৰ্চিত হৈছে।

হিন্দুত্ববাদ প্ৰতিষ্ঠাৰ নামত দেশত শেহতীয়কৈ যি সাম্প্ৰদায়িক বিষবাষ্প বিয়পাই দিয়া হৈছে, আৰু মানুহৰ মন আৰু বিবেকত যিদৰে হিন্দু-অহিন্দুৰ ধাৰণা এটা গঢ় দি পৰষ্পৰৰ মাজত হিংসাৰ ব্যাপ্তি ঘটোৱা হৈছে; ইয়ে দেশৰ সামাজিক আৰু আভ্যন্তৰিণ ব্যৱস্থাটোক বিপৰ্যস্ত কৰি পেলাইছে। সন্দেহ, শংকা, অবিশ্বাসে ঘেৰি ৰখা এই পৰিস্থিতিত আৰ এছ এছ নেতা কোবিন্দ দেশৰ ৰাষ্ট্ৰপতি হোৱা কাৰবাৰটোৱে সচেতন জনতাক চিন্তিত কৰি তুলিছে।

গুৰুত্বপূৰ্ণ যে,  দলিত সম্প্ৰদায়ৰ কোবিন্দক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে বিজেপিয়ে দলিত আৰু পিছপৰা শ্ৰেণীৰ লগতে সাম্প্ৰদায়িক ৰাজনীতি কৰি অকল হিন্দুত্ববাদ স্থাপনেই নহয়, ইয়াৰ বিৰোধিতা কৰা প্ৰগতিশীল সমাজ আৰু নিষ্পেষিত দলিত সমাজৰ আন্দোলনটোক ব্যাহত কৰাৰো পাং যে পাতিছে সেয়া আৰু এতিয়া ধূসৰ হৈ থকা নাই।

আনহাতে কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এ-ও অনুৰূপ পন্থা হাতত লৈছে। দলিত সম্প্ৰদায়ৰ মীৰা কুমাৰক ৰাষ্ট্ৰপতি প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰি ইউপিএই এনডিএৰ সমানে খেলিলে জাত-পাত আৰু সাম্প্ৰদায়িকতাৰ ৰাজনীতি। তাৎপৰ্যপূৰ্ণভাৱে, এই নিৰ্বাচনৰ পাছত এন ডি এ আৰু ইউ পি এৰ মাজত অব্যাহত ৰাজনৈতিক মনস্তাত্বিক যুঁজখন অনাগত দিনলৈ আৰু অধিক আকৰ্ষণীয় হোৱাৰ সম্ভাৱনা সম্পূৰ্ণ প্ৰবল।  

উদ্বেগজনক কথাটো হ’ল, এই নিৰ্বাচনতো সাম্প্ৰদায়িক আৰু জাত-পাতৰ ৰাজনীতিৰে উভয় শিবিৰে দেশৰ আটইতকৈ সন্মানজনক পদবীটো আৰু ইয়াৰ নিৰ্বাচন প্ৰক্ৰিয়াটোকেই কলুষিত কৰিলে। এই নঞৰ্থক ৰাজনীতি গণতন্ত্ৰৰ বাবে মাৰাত্মক বেমাৰ। জনজাগৰণ অবিহনে ইয়াৰ চিকিৎসা অসাৰ। কাৰণ ৰাজনীতিত শাসক, বিৰোধী উভয়েই যে আজি এই ৰাজনীতিয়েই পছন্দ কৰে সেয়াও এতিয়া সম্পূৰ্ণ স্পষ্ট। এনে প্ৰেক্ষাপটত সাধাৰণ জনতাৰ বাবে গণতান্ত্ৰিক সকলো পথেই এতিয়া ৰুদ্ধ। তথাপি মুষ্টিমেয়কৈ হ’লেও মুষ্টিবদ্ধ হৈ জাগিছে জনতা।