আপুনি নীচমনা লোকক শ্ৰদ্ধা আৰু প্ৰশংসা কৰেনে? যদি কৰে তেন্তে আপোনাৰ মনটোও নীচ। আপুনি ধনী লোকক সমীহ কৰেনে? যদি কৰে তেন্তে আপুনিও ঘৃণনীয় তোষামোদকাৰী লোক, চাতুকাৰী ব্যক্তি। আপুনি সৎ, সাহসী আৰু পুৰুষোচিত প্ৰকৃতিৰ লোকক সমাদৰ কৰেনে? যদি কৰে তেন্তে আপুনিও সৎ, সাহসী আৰু পুৰোষোচিত প্ৰকৃতিৰ। বিখ্যাত চিন্তাবিদ, দাৰ্শনিক চেন্ট বুঁভেৰ এই কথাষাৰ শুনাৰ পিছত সমাজৰ সৎ লোকসকলৰ প্ৰতি নিশ্চয় কোনোৱে শ্ৰদ্ধাভাজন নোহোৱাকৈ নাথাকে!

সৎ শব্দৰ অৰ্থ সাধু, সন্ত, ধাৰ্মিক। সততা হ'ল সৎ গুণ আৰু সাধুতা। সৎ লোকেই হ'ল সুখী লোক। যি সৎ, তেওঁ বেয়া পথেৰে এপইচাও আৰ্জিব নোৱাৰে, আনলৈ বঢ়া ভাত কাঢ়ি খাব নাজানে। তেওঁ সদায় নিৰ্ভয়। অসৎ বাটেৰে অৰ্জা ধনৰ টোপোলা কোনোৱে আহি বাজেয়াপ্ত কৰাৰ ভয় তেওঁৰ নাই। আনৰ ওচৰত নিন্দিত, ঘৃণীত হোৱাৰ প্ৰশ্নই নুঠে। তেওঁ সদায় শান্তি আৰু সুখত বিচনালৈ যায় আৰু বিচনা এৰে। গতিকে ভয়- শংকা তেওঁৰ নাই। অসৎ বাটেৰে ধন চপাই নোদোকাটো হোৱা মানুহৰ সংজ্ঞা ইয়াৰ বিপৰীত। বাহিৰত বৰমতাটো দেখুৱালেও ভিতৰি ভিতৰি এওঁলোক থৰহৰি কম্পমান।

সৎ মানুহ বুলি যাক ক'ব পাৰি তেওঁ আচলতে আমাৰ সাধাৰণ মানুহতকৈ ওপৰৰ এটা আদৰ্শ। এজন সৎ লোক সকলোৰে আদৰ-সন্মান পোৱাৰ যোগ্য। বিশ্বৰ বহুতো মহান কবি-সাহিত্যিক আৰু দাৰ্শনিকে সৎ লোকসকল ঈশ্বৰৰ মহান সৃষ্টি বুলি অভিহিত কৰিব খোজে।

যিসকল নিজে সৎ, সাহসী আৰু পুৰোষোচিত প্ৰকৃতিৰ তেওঁলোকে সৎ লোকক সন্মান-সমীহ নকৰাকৈ নোৱাৰে। অসৎ আৰু ভণ্ডই সৎ লোকক সন্মান কৰিব নোখোজে আৰু নোৱাৰেও। ইয়াৰ কাৰণ অৱশ্যে আছে।সততাত থকাসকলৰ প্ৰায়সংখ্যকেই সাধাৰণ অৱস্থাত জীৱন অতিবাহিত কৰা লোক। সেয়ে তেনে লোকলৈ অসৎ পথেৰে আৰ্জি অৱস্থাসম্পন্ন হোৱাসকলৰ পুতৌ ওপজে! তদুপৰি সৎ লোকক আনক দেখুৱাই সন্মান কৰিবলৈ ভয় কৰে অসৎ লোকে, কাৰণ সৎজনৰ সন্মুখত নিজৰ অসৎ স্বভাৱটো ওলাই পৰাৰ আশংকা, ঠিক স্বচ্ছ দাপোণত মলিয়ন মুখখন জলজল পটপট হৈ পৰাৰ দৰে।

সততাত থাকি জীৱন-যাপন কৰাজনৰ জীৱনৰ অনুভব আৰু প্ৰশান্তি আনৰ লগত নিমিলে। তেওঁ খোৱা নিমখ-তেলৰ ভাতৰ সোৱাদ অসৎ লোকে গ্ৰহণ কৰা বিলাসিতাতকৈ বহু বেছি সুখদায়ক, আৰামদায়ক।

সমগ্ৰ দেশতে এতিয়া দুৰ্নীতি বিৰোধী অভিযান চলিছে। দেশৰ ইমূৰৰ পৰা সিমূৰলৈকে দুৰ্নীতিগ্ৰস্ত বিষয়া জালত পৰিছে। সাধাৰণ ৰাইজৰ উন্নয়নৰ বাবে অহা টকা গো-গ্ৰাসে গিলি নোদোকাটো হোৱা বিষয়াৰ এতিয়া স্বৰূপ ওলাই গৈছে। দুই জেপত টকাৰ বান্দিল লৈ সমাজৰ সদায় আগশাৰীত থাকিবলৈ হাবিয়াস কৰা সকলে এতিয়া আত্মীয়-স্বজনৰ ওচৰতে মুখ লুকুৱাবলগা হৈছে। চৰম ঘৃণাত যেন এওঁলোকক দেখিলে মুখ কোচ খাই উঠে!

কথা হ'ল, দুৰ্নীতিগ্ৰস্তক বিচাৰি উলিওৱাৰ দৰেই সৎ লোকসকলকো বিচাৰি উলিওৱাৰ সময় আৰু প্ৰয়োজন আহি পৰিছে। দুৰ্নীতিগ্ৰস্তক বিচাৰি উলিওৱাটো বৰ কঠিন কাম নহয়। কিয়নো সমাজৰ প্ৰায় কেউপিনে এতিয়া দুৰ্নীতি, অসৎ অভিপ্ৰায়ত লিপ্তই বৰপীৰা পাৰি বহি আছে। তদুপৰি এইসকলক বিচাৰি উলিয়াবলে দেশত কেইবাটাও বিভাগ আছে, হাজাৰ হাজাৰ বিষয়া-কৰ্মী আছে আৰু তেওঁলোক সেইটো কামতে অহৰহ লাগি থাকে। কিন্তু সৎ লোকসকলক বিচাৰি উলিওৱাৰহে নাই কোনো ব্যৱস্থা। এইখিনিতে জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ এষাৰ কথাই আমাৰ সকলোকে অনুপ্ৰাণিত কৰিব পাৰে। তেওঁ কৈছিল, "সততা এক বিশাল বৃক্ষ। তাৰ যিমানেই সেৱা কৰা যায়, সিমানেই তাত ফল লগা দেখিবলৈ পোৱা যায়।" 

সৎ লোকসকলক এতিয়া আমিয়ে চিনাক্ত কৰিব পাৰিব লাগিব, সততাৰ বৃক্ষৰ ছাঁত জিৰাব পাৰিব লাগিব। তাৰ আগতে নানান লতা-লতিকা আজুৰি সততাৰ বৃক্ষ চিনাক্ত কৰিব লাগিব। ভাল বেয়া সকলোৱে বিচাৰ কৰিব পাৰিব লাগিব। সকলোকে সততাৰ শিক্ষা দিব পাৰিব লাগিব। কিয়নো এপাচি বিদ্যাতকৈ এমুঠি সততাৰ মূল্য বহুত বেছি। এই সত্য নিজৰ মাজত স্থাপন কৰিব পাৰিলেই  আমেৰিকাৰ ৰাষ্ট্ৰপতি জৰ্জ ৱাশ্বিংটনে কোৱা এষাৰ কথা আমিও সকলোৱে উচ্চাৰণ কৰিব পাৰিম, " মানুহে দিব পৰা সকলো সন্মানসূচক উপাধিৰ যিটো উপাধিক মই আটাইতকৈ বেছি ঈৰ্ষা কৰো, সেইটো হ'ল সৎ মানুহ।"