অসমৰ বান সমস্যাক লৈ আৱেগৰ ৰাজনীতি কৰিবলৈ আটাইতকৈ সহজ। আৰু ইয়াৰেই সুযোগ লৈ স্বৰাজোত্তৰ কালত দিল্লী কি দিছপুৰ সকলোৱেই সেই একেই কায়দা-কিটিপেৰে ৰাজ্যৰ জনতাক অতি আয়ামেৰে প্ৰতাৰণা কৰি আহিছে। বান জনগণৰ বাবে হাহাকাৰ, জনপ্ৰতিনিধিৰ কাৰণে হাঁহি। এই লৈ চৰ্বিত-চৰ্বন নিশ্চয় নিষ্প্ৰোয়জন। কিন্তু ইয়ে জনগণক দিনৌ সংকটৰ গৰাহলৈ ঠেলি দিছে। ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিয়ে আন এক ভয়ংকৰ দিশ উন্মোচন কৰিছে। বিশেষজ্ঞয়েই নহয়, খোদ ৰাইজেও আজি কেইবা বছৰ ধৰি শংকা প্ৰকাশ কৰি আহিছে যে, বৃহৎ নদী বান্ধে অসমৰ জন-জীৱন, জীৱ বৈচিত্ৰ, প্ৰকৃতিৰ প্ৰতি গুৰুতৰ ভাবুকি মাতিব। ভূ-কম্পনপ্ৰৱণ অসম তথা উত্তৰ পূবত বৃহৎ নদী বান্ধ কেতিয়াও ৰাইজৰ হিতে যে হ’ব নোৱাৰে সেই কথা ৰাইজ তথা বিশেষজ্ঞই কৈ অহাৰ সময়তেই তাৰো বাস্তৱিক প্ৰমাণ পোৱা গ’ল এইবাৰৰ বানত।

নীপ্‌কোই ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত যি দুৰ্যোগৰ সৃষ্টি হ’ল সি বৰ্ণনাতীত। এই মজলীয়া বান্ধটোৱেই যদি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে, তেন্তে বৃহৎ একোটাহঁত বান্ধে কি ধৰণৰ ধ্বংসলীলা চলাব পাৰে সেয়া ভাবিলেই সন্মুখত কেৱল এক কাল অমানিশাৰ ভৱিষ্যত। কিন্তু এই লৈ চৰকাৰে কোনো সুস্পষ্ট উত্তৰ বা সমিধান ৰাইজক দিব পৰা নাই। অৰ্থাৎ ৰাইজে বিচাৰিছে যে, অসমত বৃহৎ নদী বান্ধৰ প্ৰয়োজন নাই; প্ৰয়োজন যদি হয় তেন্তে ক্ষুদ্ৰ ক্ষুদ্ৰ নদী বান্ধহে দৰকাৰ বিদ্যুৎ উৎপাদনৰ বাবে।

পিছে চৰকাৰে মুখত ৰাইজৰ কথাত ঠিকেই হয়ভৰ দি আহিছে যদিও শেহতীয়া এক তথ্য অনুসৰি বৃহৎ নদী বান্ধ সংক্ৰান্তত সেউজ ন্যায়াধিকৰণত চলি থকা এক গুৰুত্বপূৰ্ণ গোচৰত অসম চৰকাৰে বৃহৎ নদী বান্ধৰ সপক্ষেই শপতনামা দখিল কৰিছে। মনকৰিবলগীয়া যে, কংগ্ৰেছ হাইকামাণ্ডৰ নিৰ্দেশ আৰু বৃহৎ বান্ধ লবীৰে হোৱা চুক্তি আৰু বৃহৎ অংকৰ বুজাবুজিৰ ফলত তৎকালীন তৰুণ গগৈ নেতৃত্বাধীন অসম চৰকাৰে বৃহৎ নদী বান্ধৰ সপক্ষে সুদৃঢ় স্থিতি লৈ বান্ধ বিৰোধী ৰাইজক প্ৰচণ্ড অত্যাচাৰ চলোৱাৰ লগতে সেউজ ন্যায়াধিকৰণত বৃহৎ বান্ধৰ সপক্ষে শপতনামাও দাখিল কৰিছিল। আৰু সেই একেখন শপতনামাকেই এতিয়া বিজেপিৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অসম চৰকাৰেও দাখিল কৰিছে।

অৰ্থাৎ বৃহৎ নদী বান্ধ লবীৰ সৈতে কংগ্ৰেছৰ দৰেই বিজেপি হাইকামাণ্ডাৰো গোপন বুজাবুজি যে হৈছে সেয়া এতিয়া আৰু আন্ধাৰত থকা নাই। বৃহৎ নদী বান্ধ লবীৰ হাতোৰাত বন্দী দুয়োটা দলেই বৃহৎ বান্ধৰ সপক্ষত। মাথোঁ পাৰ্থক্য এটাই যে, ক্ষমতাত থাকিলে তেওঁলোকে প্ৰত্যক্ষভৱে লবীটোৰ হৈ কাম কৰে আৰু ক্ষমতাত নাথাকিলে ৰাইজক দেখুৱাই বান্ধ বিৰোধী স্থিতি লয়। মানে ‘লোককে দেখুৱাই কেটেৰাই মাতিবা, ভিতৰি নেৰিবা বেথা’ কায়দাৰে এই চাতুকাৰসকলে নিজৰ স্বাৰ্থ সিদ্ধি কৰি আহিছে।

নিৰ্বাচনৰ পূৰ্বে বিজেপি নেতা তথা এতিয়াৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে অসমলৈ আহি একেবাৰে বানপীড়িতৰ কাষলৈ গৈ বৃহৎ নদী বান্ধৰ বিৰোধিতা কৰাই নহয়, এই বান্ধ বিজেপি চৰকাৰ আহিলে কেতিয়াও বান্ধিবলৈ দিয়া নহ’ব বুলি হুংকাৰ দিছিল। আৰু ইয়ে এক আৱেগ তথা জোৱাৰ সৃষ্টি কৰিছিল। কাৰণ ই সমূলি ৰাইজৰ ন্যায্য দাবী। আনকি সৰ্বানন্দ সোণোৱাল প্ৰমুখ্যে অসমৰ বহুবল্কী নেতাগণেও বান্ধ বিৰোধী স্থিতি লৈ এতিয়া মূৰপোলোকাতো মাৰিছেই, বৃহৎ বান্ধ তথা বানৰ সপক্ষেহে আকাশত চাং পতা যুক্তি সাজি ৰাইজৰ মন ভূলাবলৈ দেহেকেহে খাটিছে।

ইপিনে, ক্ষমতাত থাকোতে বৃহৎ বান্ধৰ সপক্ষে উকালতি কৰি প্ৰধান উদ্যোগ লোৱা কংগ্ৰেছে অসমত পুনৰ খোপনি পতাৰ উদ্দ্যেশ্যে বান্ধ বিৰোধী স্থিতি লৈ ৰাইজৰ কাষ চাপিবলৈ দেহেকেহে খাটিছে। আৰু সেই উদ্দ্যেশ্যে বান শেষ হোৱাৰ পাছত ভঙা সভাত উৰুলি দিবলৈ অহাৰ লেখীয়াকৈ অসমলৈ আহিল কংগ্ৰেছৰ উপ সভাপতি ৰাহুল গান্ধী। একেই উদ্দেশ্য আগত লৈ অসমত হাৱা খাই গ’ল প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী। তেওঁ ব্ৰহ্মপুত্ৰ খননৰ বাবে অধ্যয়নৰ কথা ক’লে, নক’লে বৃহৎ নদী বান্ধ বন্ধৰ কথা। অৰ্থাৎ তেওঁ নিৰ্দেশ দিবলৈ অক্ষম যে অসমত তেওঁলোকে বৃহৎ নদী  বান্ধ নিৰ্মাণ নকৰে।

সেইদৰে ৰাহুল গান্ধীৰ কংগ্ৰেছেও বৰ চতুৰালিৰে নদী বান্ধৰ বিৰোধিতা কৰিছে। কিন্তু মোদী কি গান্ধী এই দিল্লীৱালা বেপাৰীসকলৰ উদ্দেশ্য কেৱল অসমক লৈ বেপাৰ কৰা। ৰাইজে কথাবোৰ বুজিছে, প্ৰতিৰোধ কৰিবলৈও সাজু হৈছে। এনেকুৱাও নহয় যে ৰাইজে শিক্ষা দিয়া নাই, দিছে। সেয়ে কংগ্ৰেছক উফৰাই বিজেপিক আনিলে অসমতো। কিন্তু এতিয়া কংগ্ৰেছৰ বাটেৰেই বাট লৈছে বিজেপিয়েও। এতিয়া যদি বিজেপিক শিক্ষা দিম বুলি ৰাইজে ভাবি লয় তেন্তে বিকল্প সমূলি শূন্য।

অগপৰ স্বাৰ্থপৰতা এতিয়া ৰইজৰ চকুৰ সন্মুখত। বাওঁ শিবিৰ ব্যস্ত নিজৰ তত্বক লৈ। অঁ, ৰাইজৰ সপক্ষত তেওঁলোকৰ আৱাজ সবল পিছে তেওঁলোকো ষ্টেৰিঅ’ জাতীয় এক আৱাজলৈ ৰূপান্তৰিত। আনহাতে, প্ৰতিটো ৰাজনৈতিক দলেই এতিয়া কম-বেছি পৰিমাণে ব্যস্ত সাম্প্ৰদায়িক ৰাজনীতিক লৈ। জাতীয় সংগঠনসমূহ বহুধা বিভক্ত। কাৰো হাতত নাই সঠিক কাৰ্যপ্ৰণালী। এনে অৱস্থাত আটাইতকৈ অসহায় আৰু বিভ্ৰান্ত আপামৰ জনতা। আজিৰ তাৰিখত এই বিপৰ্যস্ত মানুহখিনিক সঠিক বাট দেখুৱাবলৈ নাই এক শক্তি, যিয়ে প্ৰকৃত অৰ্থত দুৰ্ভৱনাৰ পৰা মুক্তি দিব ৰাইজক। এনে সংকটকালত ৰাইজে নিজগুণে মাৰ বান্ধি থিয় নহ’লে গত্যন্তৰ নাই। কোনো স্বাৰ্থান্বেষী ব্যক্তিৰ নেতৃত্বক মানি লৈ বিপথে গমন কৰাতকৈ ৰাইজ নিজেই নেতা হ’ব লাগিব। নেতা মানে কোনো মুখচোকা ব্যক্তি নহয়। নেতা মানে এক শক্তিৰ ৰাইজ।

♦ News Next One সম্পাদকীয় ০৪।০৮।২০১৭

আৰু আপামৰ জনতা এই আপদত দিশহাৰা হৈ থকা অৱস্থাতেই সংখ্যালঘু সম্প্ৰদায়ৰ সম্ভাৱনাপূৰ্ণ যুৱনেতা লাফিকুল ইছলামক আততায়ীয়ে হত্যা কৰাৰ প্ৰতিবাদত অসমৰ সৰ্বস্তৰৰ লোকেই ইয়াক নিন্দা কৰি প্ৰতিবাদ জনোৱাৰ সময়তেই ৰাইজৰ আৱেগ আৰু ঐক্যক মূলধন কৰি লৈ প্ৰয়াত ইছলামৰ ভাতৃয়ে ক্ষোভ প্ৰকাশৰ নামত মধ্য প্ৰাচ্য  শব্দ প্ৰয়োগেৰে যি ভাবুকি দিছে, ইয়ে তীব্ৰ বিতৰ্ক আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। অসম নহয়, ভাৰতৰেই ভূখণ্ড পাৰ হৈ গৈ তেওঁ কেলেইনো মধ্য প্ৰাচ্য পালেগৈ সি বৰ সাংঘাতিক ৰহস্যৰ বিষয় নহয়।

তেওঁৰ মানসিকতাত মধ্য প্ৰাচ্যই প্ৰভাৱ যে পেলাইছে ই তাৰেই প্ৰতিফলন। এই লৈ মানসিক ৰোগ বিশেষজ্ঞৰে হোৱা এক আলোচনাত প্ৰকাশ পোৱা তথ্য অনুসৰি, হতাশাগ্ৰস্ত বা ক্ষোভিত কোনো লোকে নিজৰ হতাশা বা ক্ষোভ প্ৰকাশ কৰিবলৈ গৈ সন্মুখৰ লোক বা কোনো প্ৰতিদ্বন্দ্বীক প্ৰত্যাহ্বান জনাই নিজৰ ভিতৰত লুকুৱাই ৰখা বা সেই লৈ অধ্যয়ন বা সাধনা কৰি থকা বিষয়বস্তুকে উদঙাই দি ভাবুকি দিয়ে। যিয়ে সেই লোকজনৰ প্ৰকৃত স্বৰূপো প্ৰকাশ কৰে। প্ৰয়াত ইছলামৰ ভাতৃৰ ক্ষোভ প্ৰকাশৰ সম্পূৰ্ণ এক্তিয়াৰ আছে, একেই ক্ষোভ-প্ৰতিবাদ লাফিকুলক কোনোকালে লগ নোপোৱা মানুহ এজনেও মানৱতাৰ খাতিৰত প্ৰকাশ কৰিছে। আৰু এই অন্যায়ৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰোতে তেওঁলোকে অসম তথা ভাৰতৰ গণ্ডীতেই আততায়ীৰ চৰম শাস্তি হোৱাটো বিচাৰিছে।

কিন্তু প্ৰয়াত ইছলামৰ ভাতৃয়ে ক্ষোভ প্ৰকাশত মিডল ইষ্ট ৰ কথা কৈ আৰক্ষীক যি ভাবুকি দিছে ই অতি গৰিহণাযোগ্য। কোনো কোনো লোকে এয়া আৱেগৰ বশৱৰ্তী হৈহে তেওঁ এনেকৈ কোৱা বুলি যুক্তি দিছে, পিছে কোনো অসমীয়াই বা ভাৰতীয়ই আৱেগত কাৰোবাক ভাবুকি দিবলৈ হ’লেও অন্য দেশ বা অন্য প্ৰান্তৰ সামৰিক শক্তি কিম্বা উগ্ৰবাদৰ নাম নলয়। মূল কথা হ’ল, আৰক্ষীৰ ভূমিকাক সকলোৱেই নিন্দা কৰিছে আৰু হত্যাকাণ্ডটোৰ চিবিআই তদন্ত দাবী কৰিছে। ইয়াত কোনেও আৰৱীয় নীতি-আইনৰ আওতাত ন্যায় বিচৰা নাই। আৰু অসম, অসমৰ সমাজ সংস্কৃতি জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে কোনো আৰৱীয় কিম্বা অন্য প্ৰান্তৰ নীতি বা আদব কায়দাৰে নচলে।

খোদ প্ৰয়াত ইছলামেও সাধাৰণজনৰ হকে যুঁজ দিওতে বা অন্যায়ৰ বিৰুদ্ধে মাত মাতোতে আৰৱীয় ধ্বনি দিয়াৰ বিপৰীতে জয় আই অসম বুলি শ্লোগান দিহে সংগ্ৰামী সত্বাটোক উন্মুখ কৰিছিল। তেনে এজন ব্যক্তিৰ ভাতৃৰ এই আৰৱীয় তথা মধ্য প্ৰাচ্যৰ টানটোৱে প্ৰকৃততে লাফিকুল ইছলামক দ্বিতীয়বাৰৰ বাবেই যে হত্যা কৰিলে তেনে নহয়, আচলতে লাফিকুলে গঢ় দিয়া প্ৰকৃত সংগ্ৰামখনকেই তেওঁ মষিমূৰ কৰিলে।

ক’বলৈ গ’লে আততায়ীয়ে লাফিকুলক হত্যা কৰি কাললৈ লাফিকুলক জীয়াই ৰখাৰ বিপৰীতে, লাফিকুলৰ ভাতৃৰ বেকগ্ৰাউণ্ডত থকা মধ্যপ্ৰাচ্যই কাললৈ নি:শেষ কৰিলে লাফিকুলক। লাফিকুল হত্যাৰ উচিত ন্যায় বিচাৰৰ লগতে তেওঁৰ ভাতৃয়ে দেশৰ আভ্যন্তৰীণ নিৰাপত্তাক হুমকি দি প্ৰকাশ কৰা ভাষ্যৰো সমানেই উচিত বিচাৰ হ’ব লাগে। কাৰণ এইখন আমাৰ আপোন অসম। মৌলবাদীৰ ঘাটি নহয় এই বৰেণ্য স্থান। এই কথা যিকোনো মৌলবাদী, ধৰ্মৰ নাম লৈ দালালী আৰু ৰাজনীতি কৰা দুষ্কৃতিকাৰীসকলে ভালদৰে বুজি উঠা উচিত। প্ৰাচ্য নহয়, পছিমৰ পৰা পূবলৈ অসমীয়াই শক্তি দেখুৱাব পৰাকৈ এতিয়াও লাচিত-চিলাৰায় কিম্বা বিষ্ণু ৰাভা-অম্বিকাগিৰিক বহন কৰি আছে।