
বৃহস্পতিবাৰে বিয়লি জম্মু আৰু কাশ্মীৰত পুলৱামাৰ অৱন্টিপুৰা অঞ্চলত সংঘটিত সন্ত্ৰাসবাদীৰ আত্মঘাতী কাৰ বোমা বিস্ফোৰণত ৪২ জনকৈ চি আৰ পি এফ জোৱান শ্বহীদ হোৱা ঘটনাই সমগ্ৰ দেশকে জোকাৰি গৈছিল৷
সন্ত্ৰাসবাদীৰ এনে কাপুৰুষালি কাৰ্যই সকলো সীমা চেৰাই গৈছে৷ সমগ্ৰ দেশৰ নাগৰিকে দল-মত নিৰ্বিশেষে সন্ত্ৰাসবাদীৰ এনে কাৰ্যত কঠোৰ ভাষাৰে নিন্দা কৰাৰ লগতে বীৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে৷
এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে পাকিস্তানৰ আশিসধন্য জইছ-ই-মহম্মদে৷ লগতে এই কথাও প্ৰকাশ পাইছে যে ৩৫০ কিলোগ্ৰাম আই ই ডি কঢ়িয়াই নিয়া গাড়ীখন চলাইছিল জম্মু আৰু কাশ্মীৰৰে এটা স্থানীয় সন্ত্ৰাসবাদীয়ে৷
২০১৬ চনৰ ১৮ ছেপ্টেম্বৰত ৰাজ্যখনত উৰিত সংঘটিত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণতকৈও কালি এই আক্ৰমণ ভয়াৱহ আছিল৷ উৰিত ১৯ জন সেনা-জোৱানে আত্মবলিদান দিছিল৷ ইয়াৰ বিপৰীতে কালি ঘটনাটোত এতিয়ালৈকে ৪২ জন জোৱানে আত্মহুতি দিলে৷
এতিয়া প্ৰশ্ন উঠিছে জম্মু আৰু কাশ্মীৰত কেন্সাৰ সদৃশ সন্ত্ৰাসবাদ নিৰ্মূল কৰিবলৈ চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিব? উৰি আক্ৰমণৰ পাছত ভাৰতীয় সেনা বাহিনী নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰি ছাৰ্জিকেল ষ্ট্ৰাইক কৰিছে৷ এই অভিযানত নিয়ন্ত্ৰণ ৰেখাৰ সিপাৰে পাক অধিকৃত কাশ্মীৰত বাহৰ পাতি থকা সন্ত্ৰাসবাদী কেইবাটাও ঘাটি ভাৰতে নিৰ্মূল কৰিছিল৷
ছাৰ্জিকেল ষ্ট্ৰাইকে জম্মু আৰু কাশ্মীৰৰ সন্ত্ৰাসবাদী কূটাঘাটমূলক কাৰ্যত বাধা আৰোপ কৰিবলৈ সক্ষম নহ’ল বুলি পৰৱৰ্তী সময়ৰ দেখা পোৱা গ’ল৷ কিন্তু এই ছাৰ্জিকেল ষ্ট্ৰাইকক নিৰ্বাচন কেন্দ্ৰিক প্ৰচাৰাৰ্থেহে প্ৰয়োগ কৰা দেখা গ’ল৷
কাশ্মীৰ উপত্যকাত সমুলঞ্চে সন্ত্ৰাসবাদক নিপাক কৰিবলৈ চৰকাৰে পুলৱামা আক্ৰমণৰ পাছত কেনে পদক্ষেপ লয়, সেয়া সকলোৱে গভীৰ আগ্ৰহেৰে চাই আছে৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই ঘটনাৰ আঁৰত থকা শক্তিবোৰক পাহৰিব নোৱাৰাকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি সাৱধান কৰি দিছে৷
উপত্যকাটোত সন্ত্ৰাসবাদ নিৰ্মূলৰ বাবে চৰকাৰে ইতিমধ্যে নিৰাপত্তাবাহিনীক সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিছে৷ ভাৰতত থকা পাকিস্তানৰ উচ্চায়ুক্তক ইতিমধ্যে চৰকাৰে তলব জাৰি কৰিছে৷
যি সময়ত ৪২ জনকৈ ভাৰতীয় জোৱানে সন্ত্ৰাসবাদীৰ হাতত প্ৰাণ হেৰুৱাবলগীয়া হৈছে, সেই সময়ত কোনো ভাৰতীয়ই নিজকে আৱেগশূণ্য কৰি ৰাখিব পৰাটো কঠিন কাম৷ তাৰ মাজতো চৰকাৰে পৰৱৰ্তী পদক্ষেপ অতি সাৱধানেৰে গ্ৰহণ কৰিব লাগিব৷ ইয়াকে কৰিবলৈ যাওঁতে সন্ত্ৰাসবাদৰ আঁৰত থকা কাৰকসমূহো চৰকাৰে বিবেচনা কৰিব লাগিব৷
কাৰণ আমি দেখিছোঁ যে কালিৰ আক্ৰমণ সংঘটিত কৰা আত্মঘাতী সন্ত্ৰাসবাদীটো কিন্তু পাকিস্তানী নহয়, ভাৰতীয়হে৷