
খেৰণিঃ অতিকৈ পিছপৰা পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলং তথা ২০ নং বৈঠালাংছ বিধান সভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ লাংহেমফি-খান্দুলি, ৰংপাংবং-তাপাত, বাদং, লাংকেৰই, লাংটুকথেকপি অঞ্চলত বিৰাজ কৰি থকা শিক্ষাখণ্ডৰ এক ভয়ানক তথ্য পোহৰলৈ আহিছে৷
গুৰুত্বপূৰ্ণ যে পশ্চিম কাৰ্বি আংলঙৰ এই ভয়ানক তথ্যত এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে কাৰ্বি পাহাৰৰ শিক্ষাখণ্ডত থকা ভয়ানক দুৰ্বলতাৰ কথা৷ উল্লেখ্য যে বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া কৰ্মচাৰীক লৈ কাৰ্বি পৰিষদৰ পৰিষদীয় সদস্য ক্ৰমে ৰীণা টেৰাংপি, পৱন কুমাৰ আৰু হামৰেণ আৰক্ষী জিলাৰ উপ আৰক্ষী অধীক্ষক বলিন দেউৰীৰ উপস্থিতিত অনুষ্ঠিত কৰা এক বিশেষ সন্মিলিত অনুষ্ঠানত চলা আলোচনাৰ প্ৰসংগত অঞ্চলটোৰ বাস্তৱ ছবি আৰু জোলোঙাৰ মেকুৰী ওলাই পৰে এইদৰে৷
পৰ্যালোচনত দুৰ্গম পাহাৰীয়া জিলাখনৰ শিক্ষাখণ্ডত থকা দুৰ্বলতা আৰু সমস্যাৰ ফলস্বৰূপে জিলাখনৰ সহশ্ৰাধিক প্ৰাথমিক বিদ্যালয়ৰ কণ-কণ ছাত্ৰ-ছাত্ৰী বাধ্য হৈ শিক্ষা লাভৰ উদ্দেশ্যে বহিঃৰাজ্য আৰু বহিঃজিলাত আছেগৈ বুলি তথ্য পোৱা গৈছে৷ কেৱল এক সুন্দৰ ভৱিষ্যত গঢ়ি তোলাৰ উদ্দেশ্যেৰে জ্ঞানৰ পোহৰ বিছাৰি আজি বহু কণ-কণ কিশোৰ-কিশোৰীয়ে উল্লেখিত অঞ্চলসমুহৰ পৰা গৈ সুদুৰ মেঘালয়, নাগালেণ্ড, নগাঁও-হোজাই আদি ঠাইত শিক্ষা গ্ৰহণৰ বাবে থকা পৰিলক্ষিত হৈছে জিলাখনত৷
সঁচাকৈ এক চিন্তনীয় বিষয় যে এইদৰে বহু দৰিদ্ৰ পৰিয়ালৰ কণ-কণ কিশোৰ-কিশোৰীয়ে অন্য প্ৰান্তত গৈ আনৰ ঘৰত বনকৰা ল’ৰা-ছোৱালীৰ ৰূপত থাকি শিক্ষা গ্ৰহণ কৰিছে আনহাতে বহু কিশোৰ-কিশোৰীয়ে আকৌ থকা-মেলাৰ ব্যয় বহনেৰে আনৰ ঘৰত সহবাস কৰি শিক্ষা গ্ৰহণ কৰাৰ তথ্যও ইতিমধ্যে পোহৰলৈ আহিছে৷
বৃহত্তৰ অঞ্চলটোত শিক্ষাৰ অধিকাৰ আইন যে ধোৱা চাঙত উঠিছে সেয়া স্পষ্টকৈ প্ৰমানিত কৰিছে ইতিমধ্যে পোহৰলৈ অহা এই তথ্যসমুহে৷ উল্লেখ্য যে, এই অঞ্চলসমুহত প্ৰাথমিক বিদ্যালয় অথবা অংগনবাড়ী কেন্দ্ৰ আদি থকাৰ পাছতো আচলতে কি কাৰণত অথবা কাৰ হেচাত এইদৰে কণ-কণ ছাত্ৰ-ছাত্ৰীয়ে অন্য প্ৰান্তলৈ নিজৰ গৃহ এৰি যাবলৈ বাধ্য হৈছে৷ প্ৰাপ্ত তথ্য আৰু পৰিসংখ্যা অনুসৰি বৃহত্তৰ বাদং গাঁৱৰ পৰা মুঠ ২৮ গৰাকী ছাত্ৰ-ছাত্ৰী, ৰংপাংবঙৰ ৭ গৰাকী ছাত্ৰ-ছাত্ৰী, লাংটুকথেপি গাঁৱৰ ৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে লাংকেৰই গাঁৱৰ ৫ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে ইতিমধ্যে মেঘালয়, নাগালেণ্ড, নগাঁও-হোজাই আদি ঠাইত অধ্যয়নৰত অৱস্থাত আছে৷
এইদৰে পাহাৰীয়া জিলা তথা সমগ্ৰ কাৰ্বি আংলঙৰ পৰা শিক্ষাখণ্ডৰ দুৰ্বলতা আৰু সমস্যাৰ বাবে হাজাৰ হাজাৰ ল’ৰা-ছোৱালী পঢ়া-শুনাৰ নামত জিলাখনৰ বাহিৰত থকা ৰাইজৰ লগতে জিলাবাসীৰ দৃষ্টিগোচৰ হৈছে৷ আনকি অঞ্চলটোৰ ৰাইজে ক্ষোভ প্ৰকাশ কৰি কেইবাখনো প্ৰাথমিক, মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ কৰ্মৰত শিক্ষক-শিক্ষয়ত্ৰীৰ লগতে অংগনবাড়ী কেন্দ্ৰৰ কৰ্মৰত বিষয়া কৰ্মচাৰীৰ বিৰোদ্ধে অভিযোগ তুলিছে৷
আনহাতে শিক্ষক-শিক্ষয়ত্ৰী বিদ্যালয়ত উপস্থিত নথকা আৰু অংগনবাড়ী কেন্দ্ৰৰ কৰ্মৰত বিষয়া-কৰ্মচাৰীৰ কৰ্মৰ প্ৰতি কৰা গাফিলতিৰ কথা আৰু সজাগতা প্ৰদান ব্যৱস্থা গ্ৰহণ নকৰাৰ কথা প্ৰকাশ কৰে ৰাইজে৷ বিশ্লেষণৰ ভিত্তিত এইয়া স্পষ্ট যে অঞ্চলসমুহত সজাগতাৰ অভাৱ, বিদ্যালয়সমুহৰ আন্তঃগাঁথনিক দুৰ্বলতা, এজনীয়া শিক্ষকৰ দ্বাৰা পাঠদান, শিক্ষক শিক্ষয়ত্ৰীৰ অনুপস্থিতি আদি কাৰণৰ ফলত প্ৰকৃততে আৰু বাস্তৱত কাৰ্বি পাহাৰৰ শিক্ষাৰ মানদণ্ডত এইদৰে আঘাত হানিছে বুলি সচেতনমহলে মত পোষন কৰিছে৷
উল্লেখ্য যে, আয়োজিত সন্মিলিত অনুষ্ঠানত উপস্থিত থকা গড়কাপ্তানী বিভাগ, বন বিভাগ আদি বিভাগসমুহৰ বিষয়ববীয়াৰ পৰাও বিভাগসমুহত অব্যাহত থকা অভাৱ-অভিযোগ, সমস্যা আদিৰ সম্পৰ্কেও জনপ্ৰতিনিধি ৰীনা টেৰাংপিয়ে তথ্য সংগ্ৰহ কৰে আৰু বিপৰীতে স্থানীয় ৰাইজে আঙুলিয়াই দিয়া অভিযুক্ত কাম-চোৰ বিষয়া-কৰ্মচাৰীক বাধ্যতামুলকভাৱে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি যাবলৈ নিৰ্দেশ দিয়ে৷ অন্যথা ইয়াৰ পৰিনতি অতি ভয়াৱহ হ’ব আৰু কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলি বিষয়া-কৰ্মচাৰীক সকিয়নী দিয়ে টেৰাংপিয়ে৷
আনহাতে ইতিমধ্যে অধ্যয়নৰ বাবে যিসকল প্ৰাথমিক পৰ্য্যায়ৰ কণ কণ ছাত্ৰ-ছাত্ৰী জিলাখনৰ বাহিৰত আছে তেওঁলোকক চলিত বৰ্ষৰ বছৰেকীয়া পৰীক্ষাৰ পাছতেই জিলাখনত পুনৰ ঘুৰাই আনিব লাগিব বুলি ৰাইজক আহ্বান জনায় আৰু নিজেই এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি ৰাইজৰ ওচৰত অৱগত কৰে টেৰাংপিয়ে৷
ইফালে হামৰেণ আৰক্ষী জিলাৰ উপ আৰক্ষী অধীক্ষক বলিন দেউৰীয়েও কোনো বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে যদি আইন ভংগ আৰু আইন বিৰোধী কাম কৰাৰ অভিযোগ উত্থাপন হয় তেন্তে অতি শিঘ্ৰে সেই সন্দৰ্ভত প্ৰশাসনক অৱগত কৰিবলৈ আহ্বান ৰাইজক জনায়৷ দায়িত্ব পালন নকৰাৰ ফলত কণ কণ ছাত্ৰ-ছাত্ৰীয়ে এইদৰে জিলাখনৰ বাহিৰলৈ যোৱাটোও এক অপৰাধজনিত ঘটনা বুলি মন্তব্য কৰে দেউৰীয়ে৷