
newsnextone.com | নামতিঃ শান্তি-সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ বাৰ্তা বহন কৰি পবিত্ৰ ৰমজান মাহৰ ৰোজাৰ অন্তত সমগ্ৰ বিশ্বৰ লগতে শিৱসাগৰ জিলাৰ বৃহত্তৰ নামতি অঞ্চলত শনিবাৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে উলাহ-মালহেৰে ঈদ-উল-ফিৎৰ উদযাপন কৰে।
ঈদ-উল-ফিৎৰৰ উদ্দেশ্যে পুৱা প্রায় ৯ বজাৰ পৰা আৰম্ভ হোৱা নামাজত অঞ্চলটোৰ শিশুৰ পৰা বৃদ্ধলৈ সহস্ৰাধিক লোকে নামতি চাৰি আলি ঐতিহাসিক কেন্দ্ৰীয় ঈদগাহ ময়দানত অংশ লয়৷ ধোদৰ আলি ঈদগাহ ময়দান, ফুলবাৰী মছজিদ, টিং মছজিদ, নামতি আলি মছজিদৰ লগতে সমীপৱতী চামগুৰি ঈদগাহ ময়দা, মেজেঙ্গা বৰ মছজিদ, মিছাজান কেন্দ্ৰীয় ঈদগাহ ময়দান, কালুগাঁও ঈদগাহ ময়দান, গেলেকী সদৰ ঈদগাহ ময়দান, ন-আলি ঈদগাহ ময়দান, গড়আলি ঈদগাহ ময়দান বৰচিলা ঈদগাহ ময়দানকে ধৰি অঞ্চলটোৰ প্ৰান্তে প্ৰান্তে থকা ঈদগাহ ময়দান সমূহত সমূহীয়া নামাজ পঢ়ে।
নামাজৰ শেষত সকলোৱে অশান্ত জৰ্জৰ সমগ্ৰ অসম পুনৰ শান্ত হওক, প্ৰকৃতিয়ে এক সুস্থিৰ অৱস্থা পাওক, সমাজক কলুষিত কৰা অসামাজিক দানৱবোৰ নোহোৱা হৈ সমাজলৈ এক শান্ত সৌম্য বাতাবৰণ পুনৰ ঘূৰি আহক তাৰে কামনা কৰে।
নিলোৎপল দাস আৰু অভিজিত নাথৰ আত্মাৰ চিৰ শান্তিৰ বাবে ৰাজহুৱা দোৱা কৰা হয়। আনহাতে, ঈদ-উল-ফিৎৰৰ উপল্যক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৃহত্তৰ নামতি অঞ্চলটো যুৱকসকলে সুন্দৰ ভাৱে সজাই পৰাই তোলে ঈদগাহ ময়দান সমূহ। অঞ্চলটোৰ বিশেষকৈ আদৰ্শ গাঁৱৰ ২২ ফুট উচ্চতা আৰু ১৩ ফুট দীঘ-পঠালিৰ গেটখনে জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰে।
গেটখন চাবৰ বাবে শিৱসাগৰ জিলাৰ অগণন লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে। কোৱা বাহুল্য যে, গাঁওখনৰ যুৱকসকলে গাঁঠিৰ ধন খৰছ কৰি এমাহ যোৰা কষ্টৰ অন্তত গেটখন নির্মাণ কৰি উলিয়াইছিল। অঞ্চলটোৰ ঠায়ে ঠায়ে ইছলাম ধৰ্মাৱলম্বী যুৱকসকলে প্রেম, ভাতৃত্ববোধ আৰু একতাৰ এনাজৰী ডাল অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে বিভিন্ন সম্প্রদায়ৰ মাজত মিঠাই, ফলমূল আৰু চৰবতে আপ্যায়ন কৰে। সন্ধিয়া নামতি চাৰি আলি সন্মিলিত মুছলিম যুৱ সমাজে ঈদ-উল-ফিৎৰৰ লগত সংগতি ৰাখি ঈদ-এক-সন্ধিয়াত অনাতাঁৰ শিল্পী বাবুল আলীয়ে জিকিৰ পৰিবেশন কৰে।