02
Sep
2017

নলবাৰীঃ শান্তি-সম্প্ৰিতিৰ মহান বাণীৰে সমগ্ৰ দেশৰ লগতে নলবাৰীতো পবিত্র ঈদ-উজ-জোহাৰ নামাজ আজি সম্পন্ন কৰা হয়। নলবাৰী চহৰৰ ঈদগাহ পথাৰত পুৱা ৮ বজাৰ লগে লগে ঈদৰ নামাজ পঢ়ে৷
ঐতিহ্যমণ্ডিত তথা পৰম্পৰাগত সম্প্ৰতিৰ এনাজৰি অটুত ৰখাৰ আহ্বান জনাই প্ৰায় ২ হাজাৰৰো অধিক মুছলমান লোকৰ উপস্থিতিত নামাজৰ শেষত দোৱা কৰে। পৱিত্ৰ উৎসৱ ঈদ-উল-জোহাই সকলোৰে জীৱনত সূখ আৰু সমৃদ্ধি কঢ়িয়াই আনক আৰু সৰ্ব ধৰ্ম তথা ভিন্ন জাতি জনগোষ্ঠীৰ মাজত সাতামপুৰুষীয়া একতা আৰু ভ্ৰাতৃত্ববোধৰ এনাজৰীডাল মজবুত হোৱাৰ কামনাৰে বিভিন্ন দল সংগঠনে বাৰ্তা প্ৰেৰন কৰিছে৷