তুলসীবাৰীঃ আজি বিশ্বজুৰি পালন হৈছে ইছলাম ধৰ্মালম্বী লোকসকলৰ পবিত্ৰ উত্সৱ ঈদ-উজ-জ্জোহা৷ তদুপলক্ষে ৰঙিয়া মহকুমাৰ অন্তৰ্গত তুলসীবাৰী আঞ্চলিক ঈদগাহ ময়দানতো অঞ্চলটোৰ ইছলাম ধৰ্ম্মালম্বী লোকসকল সমবেত হৈ সমূহীয়া নামাজ আদায় কৰে।

পুৱাৰে পৰা বৃহত্তৰ তুলসীবাৰী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহৰ পৰা ব্যাপক উছাহ-উদ্দীপনাৰে ইছলাম ধৰ্মালম্বী লোকসকলে ঈদগাহ ময়দানত সমবেত হৈ ঈদ-উজ্-জ্জোহাৰ দুইৰাকাত ওৱাজিব নামাজত অংশগ্ৰহন কৰে। পুৱা ৯ বজাত সম্পন্ন ঈদ-উজ্-জোহা ৰ সমুহীয়া নামাজত ইমামতিত্ব কৰে ধুহিবালা বুঢ়া মছজিদৰ ইমাম হাফিজ মৌলানা ৰফিকুল ইছলামে।

নামাজৰ প্ৰাৰম্ভনীতে ইমাম গৰাকীয়ে ঈদ-উজ্জোহাৰ তাৎপৰ্য্য, ইছলাম আৰু কোৰবানীৰ তাৎপৰ্য্য আৰু ফজিলতৰ ওপৰত বক্তব্য আগবঢ়ায়। কেইবাশতাধিক লোকে অংশগ্ৰহণ কৰা নামাজৰ শেষত বিশ্বশান্তি আৰু মানৱজাতিৰ কল্যাণৰ বাবে মহান আল্লাহুতাল্লাৰ ওচৰত সমূহীয়াকৈ দোৱা কৰে।