02
Sep
2017

চাবুৱাঃ আজি পবিত্ৰ ঈদ ৷ সমগ্ৰ বিশ্বজুৰি চলিছে পবিত্ৰ ঈদৰ ব্যপক আয়োজন ৷ ভাতৃ আৰু একতাৰ বান্ধোনেৰে অসমতো প্ৰান্তে প্ৰান্তে ইচলাম ধৰ্মালম্বী লোক সকলৰ মাজত পালন কৰা হৈছে ঈদ-উজ-জ্জোহা ৷
আজি পবিত্ৰ ঈদৰ দিনাখন উজনি অসমৰ অন্যতম মটক জনগোষ্ঠীয় সংগঠন সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদে অসমবাসীলৈ ঈদ উজ জ্জোহাৰ শুভেচ্ছা জনাইছে। সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱাই শুভেচ্ছা বাৰ্তাত কয় যে, এই ঈদে অসমত উচ্চনীচ, ডাঙৰ সৰু, জাতি ধৰ্মৰ মাজত ভাতৃত্ববোধ জগাই তুলিব আৰু শান্তিৰ অসম গঢ়াত সহায় কৰিব।