তেজপুৰঃ আজি সমগ্ৰ বিশ্ববাসীয়ে পৱিত্ৰ ঈদ-উল-আজ্বহাৰ পালন কৰাৰ লগতে তেজপুৰৰ ঈদগাহতো পালন কৰা হয় পবিত্ৰ ঈদ৷ তেজপুৰৰ ঈদগাহত অনুষ্ঠিত নামাজ পঢ়াই অনুষ্ঠানত অংশ লয় তেজপুৰ হিন্দুস্থানী মজিদৰ পেচ ইমাম মৌলানা মুফতি হাৰিছউদ্দিন কাছিমীয়ে৷

মৌলানাগৰাকীয়ে নামাজৰ প্ৰাকক্ষণত সমূহ অসমবসী ৰাইজলৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে এই পবিত্ৰ ঈদে ৰাজ্যখনত শান্তি-সম্প্ৰিতি আৰু ভাতৃত্ববোধ গঢ়ি তোলাত সকলোকে সহায়ক হবলৈ আহ্বান জনায়৷

তেজপুৰৰ ঈদগাহত ১৫ আগষ্টত পতাকা উত্তোলনক কেন্দ্ৰ কৰি অভাৱনীয় পৰিৱেশ সৃষ্টি হৈছিল৷ তাৰ পৰিপেক্ষিতত আজি কঠোৰ নিৰাপত্তাৰ মাজত জিলা খনৰ বিভিন্ন প্ৰান্তৰ লোক সকলে নামাজত ভাগ লয়৷