
আজাৰাঃ গুৱাহাটী মহানগৰীৰ সমীপৰ ৰাণীত এটি এমহীয়া হাতী পোৱালি উদ্ধাৰ হয়৷ ৰাণীৰ সমীপৰ পাটগাঁৱত একাংশ লোকে কণমানি হাতী পোৱালিটো ৰাণী-একোলেণ্ড পথত অনাই-বনাই ঘুৰি ফুৰা প্ৰত্যক্ষ কৰে৷ নিশা এটি হাতীৰ জাক পাটগাঁৱত প্ৰবেশ কৰিছিল৷ উক্ত হাতীৰ জাকটোৰ পৰা ফালৰি কাটি হাতী পোৱালিটো ৰৈ যোৱাৰ সন্দেহ কৰে বন বিভাগে৷ বন বিভাগে ইতিমধ্যে পোৱালীটোক ৰাজ্যিক চিৰিয়াখানালৈ লৈ অনাৰ ব্যৱস্থা কৰে৷
চিৰিয়াখানাত হাতী পোৱালীটোৰ চিকিৎসা কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ নিয়া হ’ব বুলি বন বিভাগে জানিবলৈ দিয়ে৷ প্ৰায় এমহীয়া হাতী পোৱালিটোক লৈ বন বিভাগ একপ্ৰকাৰ বিপাঙতো পৰে। ৰাজ্যত যোৱা ২০ ঘন্টাৰ ভিতৰত কেইবাটাও হাতীৰ মৃত্যু হোৱাৰ লগতে বনৰীয়া হাতীৰ জাকে মানুহৰ ঘৰ-দুৱাৰ ভাঙি, খেতি পথাৰ নষ্ট কৰিছে৷ আনহাতে, খাদ্যৰ সন্ধানত ওলাই আহি বনৰীয়া হাতীৰ মৃত্যু হয় গোৱালপাৰাত৷
গোৱালপাৰা জিলাৰ ৰংজুলি বনাঞ্চলৰ অন্তৰ্গত ছাটাবাৰি গাঁৱৰ সমীপৰ ধান খেতিৰ পথাৰত বনৰীয়া হাতীটোৰ মৃত্যু হয়৷ বৃহস্পতিবাৰে পুৱা ৰংজুলি বনাঞ্চলৰ অন্তৰ্গত ছাটাবাৰি গাঁৱৰ খেতিপথাৰত মাইকী হাতীটো পৰি থকা প্ৰত্যক্ষ কৰে ৰাইজে৷ নগাঁও জিলাত এটি আৰু শোণিতপুৰ জিলাত এটি বনৰীয়া হাতীৰ মৃত্যু হয়৷ মাথো চাৰি দিন পূৰ্বে শিৱসগাৰ জিলাৰ হালোৱাটিঙত বিদ্যুৎস্পৃষ্ট হৈ দুটি হাতীৰ মৃত্যু হোৱাৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ বনৰীয়া হাতীৰ মৃত্যু হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰাজ্যত৷