
নামতিঃ ৰাজ্যৰ কোনো সমবায়ৰ নিৰ্বাচনক লৈ হয়তো কোনো দলে ইমান গুৰুত্ব প্ৰদান কৰা নাই৷ শিৱসাগৰ জিলাৰ শলগুৰি সমাবায়ৰ অহা ২৯ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া নির্বাচনত সকলো দলেই দেহে-কেহে নামিছে যুদ্ধত। নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লেগে বিজেপি, কংগ্রেছ আৰু অগপ দলে নিজ নিজ দলীয় সমর্থিত প্রার্থীক জয়ী কৰোৱাৰ বাবে কুচকাৱাজ অব্যাহত ৰাখিছে৷
সমবায়ৰ অংশীদাৰসকলক বিভিন্ন দলে লগ ধৰি ভোট ভিক্ষা কৰা পৰিলক্ষিত হৈছে৷ বিজেপি আৰু অগপ দলে মিত্রতা ভংগ কৰি পৃথকে পৃথকে নির্বাচন খেলাৰ সিদ্ধান্ত লোৱাত আমোদ জনক হৈ পৰিছে নির্বাচন ছহি খন। ১৫ খন আসনৰ বাবে হ'বলগা নির্বাচনত অভিলেখ সৃষ্টি কৰি মুঠ ৪৭জন প্রার্থীয়ে প্রতিদ্বন্দিতা কৰিছে। কোনো এটা দলেই সভাপতি পদৰ প্রার্থী প্রক্ষেপ কৰা নাই যদিও নিজ দলৰ সদস্যক জয়ী কৰাৰ বাবে জপিয়াই পৰিছে।
শাসনত থকা অগপ সমর্থিত সমিতিখনে অধিক উৎসাহেৰে প্রচাৰ চলোৱাৰ বিপৰীতে বিজেপি দলেও প্রচাৰ তুংগত কৰি তুলিছে। শিৱসাগৰ আৰু আমগুৰি সমষ্টিত দুখনকৈ পঞ্চায়তক সামৰি হোৱা এই নির্বাচনত কংগ্রেছ দলৰ প্রার্থী সকলে অধিক উৎসাহেৰে প্রচাৰ অভিযান চলোৱা দেখা গৈছে। প্রার্থী আৰু ভোটাৰৰ মতামত অনুসৰি, সাধাৰণ নির্বাচনৰ দৰে উক্ত সমবায় খনতো ৰাইজে পৰিবর্তন বিচাৰি ভোটাধিকাৰ সাব্যস্ত কৰিব। ইফালে শাসনত থকা বিজেপি দলৰ প্রতি অধিক আগ্রহী হৈ পৰা ভোটাৰৰ মতামত অনুসৰি এই নির্বাচনত বিজেপিয়ে নির্ণায়ক ভূমিকা লব বুলিও জনা গৈছে।