হোজাইঃ পুনৰ হাঁহিৰাম মন্ত্ৰীৰ আজৱ কাণ্ড৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিদ্যুতস্পৃষ্ট হৈ বহুজনৰ অকাল মৃত্যুৰ পাছত এইবাৰ আকৌ হাঁহিৰাম মন্ত্ৰীৰ বিদ্যুৎ কৰ্তন৷

 নগাঁও জিলাৰ কঠীয়াতলি বিদ্যুৎ উপ-সংমণ্ডল অধীনস্থ শ'লমাৰী গাঁৱৰ ৯ নং ৱাৰ্ডত শুকুৰবাৰে গ্ৰাহকক কোনো পুৰ্ব জাননী নিদিয়াকৈ উপ-সংমণ্ডলটোৰ একাংশ বিদ্যুৎ কৰ্মীয়ে বিদ্যুৎ সংযোগ কাটি দিয়ে৷

জানিব পৰা মতে,  ৯ নং ৱাৰ্ডৰ অধিকাংশ গ্ৰাহক দৰিদ্ৰ সীমাৰেখাৰ তলৰ বি পি এল উপভোক্তা৷ চৰকাৰী আঁচনি অনুযায়ী এই অঞ্চলটোত প্ৰদান কৰা বিদ্যুতৰ মিটাৰ সমূহ বিকল হৈ থকা বাবে বিদ্যুৎ সেৱা মাচুল অধিক হৈ পৰে৷ যাৰ ফলত অঞ্চলটোৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ গ্ৰাহক খিনিয়ে মাচুল আদায় দিয়াত অসুবিধাৰ সম্মুখীন হয়৷

এই সম্পৰ্কে অঞ্চলবাসীয়ে বহুবাৰ উপ-সংমণ্ডল বিদ্যুৎ বিভাগত অভিযোগ দাখিল কৰিছে যদিও বিভাগটোৱে কোনোধৰণৰ ব্যৱস্থা হাতত লোৱা নাই বুলি অঞ্চলবাসীয়ে অভিযোগ উত্থাপন কৰে৷

শুকুৰবাৰে বিয়লি বিদ্যুৎ কৰ্মীয়ে আকস্মিক ভাবে বিদ্যু কৰ্তন কৰাৰ ফলত গাঁওখন নিশা অন্ধকাৰত ডুব যায়৷ গাঁওখনত শীঘ্ৰে পুনৰ বিদ্যুৎ সেৱা যোগান ধৰিবলৈ ৰাইজে বিভাগীয় কতৃপক্ষক দাবী জনাইছে৷