ঢেকীয়াজুলিঃ ২৪ ঘন্টাৰ পিছত বিদ্যুৎ বিভাগৰ লোক আহিল বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা ঘটনাৰ তদন্ত কৰিবলৈ৷ এগৰাকী ১০ বছৰীয়া কিশোৰ তথা ছাত্ৰ বিদ্যুৎস্পৃষ্ট মৃত্যু হোৱাৰ ২৪ ঘন্টা পাৰ হোৱাৰ পিছত বিদ্যুৎ বিভাগৰ লোকে সাৰ পোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে৷

শোণিতপুৰৰ ঢেকীয়াজুলি বিদ্যুৎ উপ-সংমণ্ডলৰ খুটাপোটাত ৮ নৱেম্বৰত মৃত্যু হৈছিল ১০ বছৰীয়া কিশোৰৰ৷ ঢেকীয়াজুলি বিদ্যুৎ উপ-সংমণ্ডলৰ বিষয়াই ৯ নৱেম্বৰত ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয়৷

গাঁও খনৰ ৰহমত আলিৰ পুত্ৰ আইনুল হক পুখুৰিত নামি বিদ্যুৎস্পৃষ্ট হৈ  মৃত্যুমুখত পৰে৷ বিদ্যুতৰ তাৰ ছিঙি পুখুৰীত পৰি থকাৰ সন্দেহ কৰে ৰাইজে৷ যাৰ ফলত পুখুৰীত নমাৰ পিছতে কিশোৰগৰাকীৰ মৃত্যু হয়৷ স্থানীয় ৰাইজে মুমুৰ্ষ অৱস্থাত আইনুলক ঢেকীয়াজুলিস্থিত ছহিদ মনবৰ নাথ ৩০খন বিচনাযুক্ত সামূহিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও কিশোৰজনে মৃত্যুক সাৱটি লয় ৷

ঘটনাটোৱে অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলায়৷ বৃহস্পতিবাৰে বিদ্যুৎ বিভাগৰ লোক অঞ্চলটোত উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে বিভাগৰ তাঁৰত ওলমি থকা বিদ্যুৎ চুৰি কৰাৰ আহিলা আৰু বিদ্যুৎৰ তাঁৰ আদি জব্দ কৰি আনি মিছামাৰী আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে৷ ঢেকীয়াজুলিৰ বিভিন্ন অঞ্চলত বিদ্যুৎ চুৰিৰ ঘটনা দীৰ্ঘ দিন চলি আহিছে আৰু এই ক্ষেত্ৰত বিভাগটোৱে উপযুক্ত ব্যৱস্থা গ্ৰহণত ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপন হয় ৷

বিভাগটোৱে আওপুৰণি তাৰ, খুঁটা আদিৰে বিদ্যুৎ যোগান ধৰি অবাত ৰাইজে সময়ে সময়ে বিপদত পৰি আহিছে৷ আনকি বাঁহৰ খুঁটাত বিদ্যুতৰ তাৰ টানি কেইবাখনো গাবঁত বিদ্যুৎ সংযোগ কৰা দেখা যায়৷ একাংশ গাঁৱত জধেমধে বিদ্যুৎ সংযোগ দিয়াৰ ফলত কিছু লোকে অপপ্ৰয়োগ কৰি দুৰ্ঘটনাত পতিত হ’ব লগা হৈছে ৷