
কামপুৰঃ সতীৰ্থ মন্ত্ৰীৰ খতিয়ান সভাত দাঁত নিকটাই হাঁহি মানৱ সম্পদ গঢ়াৰ খনিকৰ শিক্ষকক অপমান কৰা শক্তিমন্ত্ৰী পল্লৱলোচন দাসৰ বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে এইবাৰ নগাঁও জিলাৰ কামপুৰত এটি ১৪ বছৰীয়া কিশোৰে প্ৰাণ হেৰুৱাব লগা হয়৷ মন্ত্ৰী পল্লৱ লোচন দাসৰ বিভাগটোৰ দায়িত্ব লোৱাৰ পাছৰে পৰা ৰাজ্যত এতিয়ালৈ প্ৰায় ৯০ গৰাকী লোকে মৃত্যুক আকোৱালি লব লগা হৈছে কেৱল বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে৷
বিভাগৰ গুৰি ধৰিব নোৱাৰি সংবাদ মাধ্যমক উপলুঙা কৰা মন্ত্ৰীগৰাকীৰ বিভাগে একপ্ৰকাৰ এই লোকসকলৰ মৃত্যু হোৱাৰ পাছতো যেন চকু খোল খোৱা নাই বিভাগটোৰ৷ একাংশ কৰ্মচাৰীৰ চৰম গাফিলতিত বিদ্যুৎ নিয়মীয়া কৰিব নোৱাৰা মন্ত্ৰীগৰাকীয়ে একপ্ৰকাৰ সমস্যা এৰি পলায়ন কৰা বুলি অভিযোগ উত্থাপিত হৈছে৷
ৰাজপথত পৰি থকা তাঁৰত লাগি, জংঘলত পৰি থকা তাঁৰ, বানৰ পানীত পৰি থকা তাঁৰ লাগি ইতিমধ্যে ৰাজ্যত বহু লোকে প্ৰাণ হেৰুৱালে৷ দেওবাৰেও গছৰ ডালত লগাই থোৱা তথা মাটিৰ পৰা কিছু নিলগত ওলোমাই থোৱা তাৰত লাগি বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু মুখত পৰে ১৪ বছৰীয়া কিশোৰ৷
এই ঘটনা সংঘটিত হৈছে নগাঁৱৰ কামপুৰৰ ঘিলানী গাঁৱত। বিদ্যুত বিভাগৰ কৰ্মচাৰীৰ হেমাহিৰ বাবে এটি ১৪ বছৰীয়া কিশোৰৰ প্ৰাণ যোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত৷ জানিব পৰা মতে, কামপুৰৰ ঘিলানী গাঁৱৰ নাজমল আহমেদ নামৰ কিশোৰজনে নিজ ঘৰৰ সমীপতে সমনীয়াৰ সৈতে খেলি আছিল৷
তেনেতে তেওঁলোকে খেলি থকা বলটো কিছু নিলগত যোৱাত আনিবলৈ যায় নাজমলে৷ বলটো আনিবলৈ যোৱাৰ সময়তে গছত ওলমি থকা বিদ্যুতৰ তাৰত লাগে ধৰে নাজমল৷ কিছু সময়ৰ ভিতৰতে দেহৰ বৰণ সলনি হৈ মাতবোল নোহোৱা হয়৷ গছৰ তলৰ পৰা নাজমলক উদ্ধাৰ কৰে যদিও তেতিয়ালৈ তেওঁৰ মৃত্যু হয়৷
ৰাইজে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি প্ৰতিঘৰৰ পৰা ৩০০-৪০০ টকা লোৱা বুলি কয়৷ একাংশ লোকে বিদ্যুৎ বিল পৰিশোধ নকৰাত বিদ্যুৎ বিভাগৰ লোকে বিদ্যুৎ বিল পৰিশোধ নকৰাত বহু লোকৰ সংযোগ কাটি দিয়ে৷
বিদ্যুৎ বিভাগৰ লোকে ঘৰে ঘৰে টকা লৈ একাংশ লোকৰ বিদ্যুৎৰ সংযোদ দিয়ে যদিও আন একাংশ লোকৰ তেনেকৈয়ে এৰি থৈ যায়৷ বিদ্যুৎ বিভাগৰ লোকে সংযোগ নিদিয়াকৈ গছৰ ডালত বান্ধি থৈ যোৱা বিদ্যুৎৰ তাৰ মাটিৰ দিশে ওলমি অহাৰ ফলত নাজমল নামৰ ছাত্ৰজনৰ মৃত্যু হয়৷
অঞ্চলটোত বিদ্যুৎ বিভাগে একপ্ৰকাৰ মৰণফান্দ পাতিছে বুলি অভিযোগ উত্থাপন হয়৷ অঞ্চলটোৰ বিভিন্ন স্থানত বিদ্যুৎ বিভাগে গছ, বাঁহৰ খুঁটা আদিত বিপদ সংকুল ভাৱে বিদ্যুৎ সৰবৰাহ কৰি আহিছে৷ যাৰ বাবে নাজমলে অকালতে মৃত্যুক আকেৱালি ল’ব লগা হল৷