
নাওবৈচাঃ ৰাজ্যত হাতী মানুহৰ সংঘাটৰ ফলত শ-শ পৰিয়ালৰ আজিও নিদ্ৰা হৰণ হৈ আহিছে৷ পাহাৰৰ দাতি নৈৰ পাৰত বসবাস কৰা লোকসকলে হাতীৰ তাণ্ডৱৰ বাবে হাহাকাৰ কৰিব লগা হৈছে৷ ৰাজ্য চৰকাৰে মানুহৰ জীৱন সম্পত্তি সুৰক্ষা দিয়াৰ নামত ভেঙুচালি কৰি অহাৰ অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে লখিমপুৰ জিলাৰ নাওবৈচাত এগৰাকী দৰিদ্ৰ পৰিয়ালৰ বৃদ্ধৰ হাতীৰ আক্ৰমণত মৃত্যু হয়৷
খাদ্যৰ সন্ধানত জংঘলৰ পৰা ওলাই অহা হাতীৰ জাকে ঘৰ-বৰ ভাঙি পেলোৱাৰ লগতে খেতি-পথাৰ তহিলং কৰি অহাৰ সময়তে বনৰীয়া হাতীৰ জাকে দৰিদ্ৰ লোকগৰাকীৰ প্ৰাণ লোৱাক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ অসম-অৰুণাচল সীমান্তৰ লখিমপুৰ জহিং চাহ বাগিচাত সংঘটিত হয় এই ঘটনা৷
নিজ গৃহৰ পৰা ওলাই গৈ খৰি বিছাৰি থাকোতেই এটি হাতীৰ জাকৰ মুখামুখী হয় লোকজন৷ তেনে সময়তে হাতীৰ জাকে আক্ৰমণ কৰাত থিতাতে মৃত্যুমুখত পৰে বৃদ্ধ লোকজনে৷ লোকজনৰ নাম সুৰেন বাউৰী ওৰফে নিমাই বুলি জানিব পৰা যায়৷ লোকজনক মৰণোত্তৰ পৰীক্ষাৰ বাবে উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে প্ৰশাসনে।