
newsnextone.com | শুক্লাইঃ হাতী-মানুহৰ সংঘাত এতিয়া পৰিচিত সমস্যা হৈ পৰিছে ৰাজ্যবাসীৰ বাবে৷ পূৰ্বৰ আৰু এতিয়াৰ চৰকাৰ খনে হাতীৰ জাকৰ পৰা পাহাৰৰ সমীপৰ গাঁও সমূহ জনসাধাৰণক ৰক্ষা কৰিবৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত বছৰি ৰেইবা শ লোকৰ মৃত্যু হয়৷
খাদ্য আৰু আশ্ৰয়ৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বন্য হাতীয়ে ৰাজ্যৰ বিভিন্ন স্থানত উপদ্ৰৱ চলাই অহাৰ লগতে মানুহৰ প্ৰাণ লৈ আহিছে৷ যাৰ ফলত ৰাজ্যৰ বাজাৰ হাজাৰ পৰিয়াল নিৰাপত্তাহীনতাত ভূগি আহিছে৷
শস্য পথাৰৰ পৰা ঘৰ দুৱাৰ আৰু মানুহৰ ওপৰত চলোৱা বন্য হস্তীৰ সন্ত্ৰাসত ৰাজ্যৰ বহু অঞ্চলৰ ৰাইজ ভয়ে ভয়েহে জীয়াই থাকিবলৈ বাধ্য হৈছে৷ কিন্তু তাৰ পিছতো অসহায় বন বিভাগ কিম্বা প্ৰশাসন৷ হাতীৰ তাণ্ডৱ ৰুধিব নোৱাৰি যেন তাণ্ডৱলীলা দেখিও নেদেখাৰ ভাও জুৰিবলৈ বাধ্য হৈছে প্ৰশাসন৷ বন ভাঙি মানুহৰ বসতি বাঢ়ি অহাৰ লগে লগে বৃদ্ধি ঘটিছে বন্য হাতীৰ উপদ্ৰৱ৷
ওদালগুৰি জিলাতো দিনে দিনে বৃদ্ধি পাইছে বন্য হাতীৰ তাণ্ডৱ৷ ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ গৰুৱাঝাৰত পুনৰ বন্যহস্তীৰ আক্ৰমণত এজন লোক নিহত হয়৷ নিহত লোকজনৰ নাম পিটৰুছ টিগ্গা (৫০)৷ জানিব পৰা মতে, তিনিগৰাকী লোক নোনাইপাৰা চাহ বাগিচাৰ পৰা উত্তৰ গেৰুৱাঝাৰলৈ আহি আছিল৷
উক্ত সময়তে বন্যহস্তীয়ে সৈতে মুখামুখী হয় আৰু জাকৰ মাজৰ পৰা ফালৰি কাটি অহা এটা হাতীয়ে আক্ৰমণ কৰিবলৈ খেদি আহে৷ দুগৰাকী লোকে পলাই সাৰে যদিও পিটৰুছ টিগ্গাক গচকি হত্যা কৰে৷
নোনাইপাৰা চাহ বাগিচাৰ শ্ৰমিক আছিল পিটৰুছ টিগ্গা৷ নোনাইপাৰাৰ পৰা উত্তৰ গৰুৱাঝাৰলৈ গৈ থকা অৱস্থাত বন্যহস্তীয়ে সৈতে মুখামুখী হয় আৰু জাকৰ মাজৰ পৰা ফালৰি কাটি অহা এটা হাতীয়ে আক্ৰমণত নিহত হয় লোকজনক৷ কথমপি প্ৰাণৰক্ষা পৰে আন দুজনলোকৰ৷