শুক্লাইঃ ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত৷ হাতীৰ আক্ৰমণত এজন লোকৰ প্ৰাণহানিৰ ঘটনাই শোকৰ ছাঁ পেলাইছে ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলত৷

খাদ্যৰ অভাৱত অৰণ্যৰ পৰা ওলাই আহি জনাৰণ্যত প্ৰৱেশ কৰা বন্যহস্তী আৰু মানুহৰ মাজৰ সংঘাতে দিনক দিনে জটিল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে৷ নিতৌ বৃদ্ধি পাইছে বন্যহস্তীৰ আক্ৰমণত নিহতৰ সংখ্যা৷

শুক্ৰবাৰে পুৱা প্ৰায় ছয় বজাত ডিমাকুছি থানাৰ অন্তৰ্গত ভূটান পাহাৰৰ নামনিৰ ২ নং গাঁৱত বন্যহস্তীৰ আক্ৰমণত মৃত্যু হয় অমল বাহাদুৰ ছেত্ৰী নামৰ এগৰাকী ৭৫ বছৰীয়া বৃদ্ধৰ৷ পুৱা পূজাৰ ফুল ছিঙিবলৈ গৈ বন্যহস্তীৰ গচকত প্ৰাণ হেৰুৱাই লোকজনে৷  বন্যহস্তীৰ উপদ্ৰৱ নিয়ন্ত্ৰণত চূড়ান্তভাৱে ব্যৰ্থ হৈছে বনবিভাগ৷