ওদালগুৰিঃ ৰাজ্যত হাতী মানুহৰ সংঘাট আজিও অব্যাহত আছে৷ পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি অহা বনৰীয়া হাতীৰ জাকৰ সৈতে মানুহৰ সংঘাতৰ ফলত জীৱন-সম্পত্তিৰ ব্যাপত ক্ষতি হৈছে৷ সমানে সমানে বনৰীয়া হাতীৰো প্ৰাণ হানি হৈ আহিছে৷ খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা হাতীৰ জাকৰ পৰা ফালৰি কাটি অহা হাতীৰ বিভিন্ন কাৰণত মৃত্যু মুখত পৰে৷

বন বিভাগৰ লোকৰ অকৰ্মণ্যতাৰ বাবে বাৰে বাৰে হাতীৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন হৈ অহাৰ সময়তে ওদাৰগুলি জিলাৰ মাজুলি চাহ বাগিচাৰ সমীপত উদ্ধাৰ হয় এটি বনৰীয়া হাতীৰ মৃতদেহ৷ জানিব পৰা মতে, বুধবাৰে দিনৰ প্ৰায় তিনি বজাত একাংশ লোকে প্ৰকাণ্ড হাতীটো পৰি থকা প্ৰত্যক্ষ কৰি বন বিভাগৰ খবৰ দিয়ে৷ বন বিভাগৰ লোকে উপস্থতি হৈ হাতীটোৰ মৃত্যু হোৱা বুলি স্পষ্ট কৰে৷

হাতীটোৰ শৰীৰত আঘাতৰ কোনো চিন নাই বুলি কয় ৰাইজে৷ একাংশ লোকে পুৱাৰে পৰা বাগিচা অঞ্চলয় হাতীটোৱে বিচৰণ কৰি থকা বুলিও কয়৷ খাদ্যত বিষক্ৰিয়া হৈ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে হাতীটোক৷ একাংশ লোকে বন বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰি হাতী খেদাৰ ব্যৱস্থা নকৰাৰ অভিযোগ উত্থাপন কৰে বন বিভাগৰ বিৰুদ্ধে৷ প্ৰায়ে বাগিচা অঞ্চললৈ হাতীৰ জাক ওলাই আহে যদিও হাতীৰ জাকে মানুহক ঘৰৃবৰ ভাঙি তহিলং কৰাৰ পিছতো বন বিভাগে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজে৷ মৃত হাতীটোৰ মৰণোত্তৰ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰে বন বিভাগে৷