
মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাত উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান অব্যাহত থকাৰ সময়তে বন বিভাগে আৰম্ভ কৰিছে বন দস্যুৰ বিৰুদ্ধে অভিযান৷ তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত জাগুনৰ নামচিক সংৰক্ষিত বনাঞ্চলত মঙলবাৰৰ পৰা তীব্ৰ অভিযান চলাইছে বন বিভাগে৷ নামচিক সংৰক্ষিত বনাঞ্চলত দাৰ্ঘদিন ধৰি একাংশ চোৰাং ব্যৱসায়ীয়ে গছ কাটি ৰমৰমীয়া কাঠৰ ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপন হৈ আহিছিল৷
মঙলবাৰে গোপন সূত্ৰৰ পম খেদি অতৰ্কিতে অৰুণাচলৰ জয়ৰামপুৰ দিশৰ পৰা চলোৱা অভিযানত এটি হাতী জব্দ কৰাৰ লগতে এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ নামচিক সংৰক্ষিত বনাঞ্চলত অভিযান চলাই জাগুন বন বিষয়াৰ কাৰ্যালয়ে। অভিযানৰ সময়ত বন বিভাগৰ লোকে অসম অৰুণাচলৰ সীমান্তৰ নামচিক গোলডুবিৰ পৰা চোৰাং কাঠ ব্যৱসায়ীৰ এটা হাতী জব্দ কৰিবলৈ সক্ষম হয়।
বন বিভাগে জানিবলৈ দিয়া মতে, বিগত বহু দিন ধৰি একাংশ বন দস্যুৱে অঞ্চলটোৰ পৰা বহু মূল্যৱান গছ কাটি অৰুণাচল প্ৰদেশৰ বিভিন্ন ঠাইত বিক্ৰী কৰি আহিছে৷ বহু বাৰ জাগুনৰ বন বিভাগৰ লোকে চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলাই আহিছিল যদিও কোনো লোক ধৰা পৰা নাছিল৷ কিন্তু এইবাৰ চোৰাং ব্যৱসায়ী ধৰা নপৰিলেও এটা হাতী জব্দ কৰিবলৈ সক্ষম হয় বন বিভাগে৷ মঙলবাৰে অভিযান কালত চোৰাং কাঠ টানি থকাৰ সময়তে মাউত সহ হাতীটো আৱদ্ধ কৰে৷
ইতিমধ্যে জব্দ কৰা হাতীটো অৰুণাচল প্ৰদেশৰ নামফাইৰ নিবাসী কে মচাংৰ বুলি জানিব পৰা গৈছে। বৰ্তমানে মাউত সহ হাতীটো জাগুন বন বিষয়া কাৰ্যালয়ত ৰখা হৈছে আৰু মাউত জনক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে৷
উল্লেখ্য যে, মঙলবাৰৰ অভিযানত জাগুন আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু অৰুণাচল প্ৰদেশৰ জয়ৰামপুৰস্থিত আৰক্ষীৰ লোকে যথেষ্ট পৰিমাণে সহায় কৰা বুলি প্ৰকাশ কৰে বন বিভাগৰ লোকে।