ডিফুঃ আশ্ৰমত বসবাস কৰা লোকক সহায় কৰিব কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ ই এম ৰতন টেৰণে৷ ডিফু চহৰৰ সমীপৰ অসহায় লোকসকলৰ বসবাস কৰি অহা কল্যাণ আশ্ৰমৰ বাবে কাৰ্বি স্বায়ত্ত পৰিষদৰ কাৰ্যবাহী সদস্য ৰতন টেৰণ, অমৰ চিং তিচ’ আৰু সদস্য লুণচিং টেৰণ উপস্থিত হৈ কল্যাণ আশ্ৰমখনৰ প্ৰয়োজনীয় আন্তঃগাঁথনিৰ উন্নত কৰাৰ আশ্বাস দিয়ে৷

কল্যাণ আশ্ৰমখনৰ পৰিচালনা সমিতিৰ আমন্ত্ৰণ ৰক্ষা কৰি স্বাধীনতা দিৱসৰ কাৰ্যসূচী সামৰিয়েই ৰতন টেৰণ, অমৰ চিং তিচ' আৰু লুণ চিং টেৰণে ডিফু চহৰৰ সমীপৱৰ্তী গীতাশ্ৰমৰ ওচৰৰ কল্যাণ আশ্ৰমত উপস্থিত হৈ আশ্ৰম খনৰ আন্তঃগাঁথনি পৰ্যবেক্ষণ কৰি হতভম্ব হৈ পৰে৷

কল্যাণ আশ্ৰমৰ কোঠালি, পাকঘৰ, ৰাস্তা-ঘাট পদূলিৰ জৰাজীৰ্ণ অৱস্থা, দেৱালৰ অভাৱত খহিব ধৰিছে ভেটিৰ ভূমি, অতিথিৰ বাবে নাই প্ৰয়োজনীয় কোঠা৷ এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত আশ্ৰমৰ পৰিচালনা সমিতিয়ে নিৰুপায় হৈ কাৰ্বি পৰিষদৰ নৱ নিৰ্বাচিত কাৰ্যবাহী সদস্য ৰতন টেৰণ আৰু অমৰ চিং তিচ' আৰু সদস্য লুন চিং টেৰণৰ দৃষ্টি আকৰ্ষণ কৰে৷

পৰিচালনা সমিতিৰ সৈতে আলোচনাৰ পিছত কাৰ্বি পৰিষদৰ ই এম আৰু সদস্যগৰাকীয়ে কল্যাণ আশ্ৰমৰ আন্তঃগাঁথনি ৰাস্তা-ঘাট মেৰামতি ভূমিস্খলন প্ৰতিৰোধৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব বুলি কয়৷ শীঘ্ৰে কল্যাণ আশ্ৰমৰ আন্তঃগাঁথনি আটক ধুনীয়া কৰা হ'ব বুলি ই এম ৰতন টেৰণৰ ব্যক্তিগত সহায়ক দিলীপ কুমাৰে ফুকনে জানিবলৈ দিয়ে৷ গ্ৰাম্য পৰিকল্পনা আৰু হস্ততাঁত আৰু বস্ত্ৰ শিল্পৰ দায়িত্বত থকা ইএম ৰতন টেৰণে কাৰ্বি পৰিষদৰ অধীনত থকা নগৰ সমিতি সমূহৰ বিভিন্ন দিশত ব্যাপক পৰিৱৰ্তন আনিবলৈ বিশেষ পৰিকল্পনা হাতত লৈছে বুলিও কয়৷