
কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ আৰক্ষী আৰু সেনাৰ ৩নং ৰাজপুত ৰেজিমেণ্টৰ যৌথ অভিযানত সোমবাৰে পুৱতি নিশা এগৰাকী এনডিএফবি(এচ)ৰ কেডাৰ নিহত হয়। নিহত কেডাৰগৰাকীৰ পৰা আৰক্ষীয়ে একে চিৰিজৰ ৰাইফল এটা, এটা মেগজিন, ১৬ জাঁই সজীৱ গুলী, ১৩ জাঁই খালী কাৰ্টিজ, বহিৰাষ্ট্ৰৰ ভূটানৰ চিম সহিতে মোবাইল ফোন এটা, নগদ ২৭৪০ টকা, ১০খন ধনদাবী পত্ৰ, ভূটানৰ ৰিচাৰ্জ কাৰ্ড, টৰ্চ, ঔষধকে ধৰি আন কেতবোৰ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়।
কোকৰাঝাৰ আৰক্ষীয়ে সদৰি কৰা মতে চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত নিশা কোকৰাঝাৰ জিলাৰ ছেৰফাংগুৰী থানাৰ অন্তৰ্গত ৰিপু চিৰাং বনাঞ্চলত আৰক্ষী আৰু সেনাই যৌথ অভিযান চলায়। সেনা আৰক্ষীয়ে এম্বুচ কৰি থাকোতেই পুৱতি নিশা এনডিএফবিৰ দল এটা সেনা আৰক্ষীৰে মুখামুখি হয় আৰু সেনা আৰক্ষীৰে সংঘৰ্ষত লিপ্ত হয়।
সেনা আৰক্ষীয়ে গুলীচালনা কৰা প্ৰত্যুত্তৰ দিয়াত দুয়ো দলৰ মাজত আৰম্ভ হয় তুমূল সংঘৰ্ষ৷ বিপৰীত পক্ষৰ পৰা গুলীচালনা বন্ধ হোৱাত আৰক্ষীয়ে বনাঞ্চলত অভিযান চলায় আৰু বনাঞ্চলৰ পৰা এজন গুলীবিদ্ধ যুৱকক উদ্ধাৰ কৰে।
পিছত আৰক্ষীয়ে গুলীবিদ্ধ যুৱকজনক কোকৰাঝাৰ ৰূপনাথ অসামৰিক চিকিৎসালয়লৈ লৈ আহে যদিও চিকিৎসকে গুলীবিদ্ধ যুৱকগৰাকীক মৃত বুলি ঘোষণা কৰে। বৰ্তমানলৈকে এনডিএফবি(এচ)ৰ সদস্যগৰাকীৰ চিনাক্তকৰণ হোৱা নাই। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰা এনডিএফবি (এচ)ৰ আন সদস্যসকলৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।