
ডিজিটেল ডেস্কঃ জম্মু কাশ্মীৰত সেনাৰ গুলীত নিহত হ’ল দুধৰ্ষ সন্ত্ৰাসবাদী৷ সেনা, চিআৰপিএফ আৰু জম্মু কাশ্মীৰ আৰক্ষীৰ অভিযানত জালত পৰি নিহত হ’ল সন্ত্ৰাসবাদীজন৷ দেওবাৰে উত্তৰ কাশ্মীৰৰ হান্দুৱাৰাত সেনাৰ গুলীত নিহত সন্ত্ৰাসবাদীজনক এতিয়ালৈ চিনাক্ত কৰিব পৰা নাই৷
গোপন খবৰৰ ভিত্তিত সেনা, পুৱা ৫ বজাৰ পৰা হান্দুৱৰাত চলোৱা অভিযানত চিআৰপিএফ আৰু জম্মু কাশ্মীৰ আৰক্ষীৰ সৈতে এটি সন্ত্ৰাসবাদী গোটে বহু সময় ধৰি সংঘৰ্ষ লাগে৷ ফলত এজন সন্ত্ৰাসবাদীৰ মৃত্যু হয়৷ সংঘৰ্ষত নিহত সন্ত্ৰাসবাদীৰ পৰা গ্ৰেনেট, ৰাইফল, পাকিস্তানৰ নোট উদ্ধাৰ হয়৷ নিৰপত্তাৰক্ষীয়ে অঞ্চলটোত কেইবাগৰাকী সন্ত্ৰাসবাদী আত্মগোপন কৰাৰ সন্দেহ প্ৰকাশ কৰি অভিযান অব্যাহত ৰাখিছে৷