
খেৰণিঃ পশ্চিম কাৰ্বি আংলঙৰ মেনমেজিত অনুষ্ঠিত হৈ থকা বাছাপি টেৰনপি সোঁৱৰণি ফুটবল প্ৰতিযোগিতাখনৰ আজি সফল সমাপ্তি ঘটে৷ ৩৪ টাকৈ ফুটবল এফ চিয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত বিগত সময়ত দল সমূহৰ মাজত শিহৰণকাৰী প্ৰতিদ্বন্দিতা দেখিবলৈ পোৱা যায়৷
আজি প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখন অনুষ্ঠিত হয় আৰটু কেকাং এফ চি আৰু ৰংকুৰু এফ চিৰ মাজত। হেজাৰোধিক দৰ্শকৰ মাজত অনুষ্ঠিত হোৱা খেলখন নিৰ্ধাৰিত সময়লৈকে অমিমাংসিত হৈ ৰয় যদিও ট্ৰাইবেকাৰৰ যোগেদি আৰটু কেকাং এফ চিয়ে বিজয়ী সাব্যস্ত কৰিবলৈ সক্ষম হয়৷
ফুটবল প্ৰতিযোগিতাখনত আৰম্ভনিৰে পৰা ধাৰাবাহিকভাৱে সুন্দৰ খেল প্ৰদৰ্শন কৰি বিনছং ৰংপি নামৰ আৰটু কেকাং এফ চি-ৰ খেলুৱৈগৰাকীয়ে প্ৰতিযোগিতাখনৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ দখল কৰাৰ লগতে নেৱাৰছন ৰংপিয়ে সৰ্বশ্ৰেষ্ঠ গল ৰক্ষকৰ খিতাপ দখল কৰে।
প্ৰতিযোগিতাৰ অন্তৰ বঁটা বিতৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকা তুলিৰাম ৰংহাঙে বিজয়ী দলক কাপসহ নগদ ৫০০০০ টকা প্ৰদান কৰাৰ লগতে পৰাজিত দলটোক কাপসহ নগদ ৩০০০০ টকা প্ৰদান কৰে৷
আনহাতে প্ৰতিযোগিতাখত তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হোৱা ইন্দ্ৰানগৰ এফ চি দলকো এক সন্মানীয় কাপসহ নগদ ২০০০০ টকা প্ৰদান কৰি দলটোক অনুপ্ৰেৰণা যোগায় খেল উদ্যোক্তাই৷